• Home
  • »
  • News
  • »
  • assam
  • »
  • কিয় গুৱাহাটীৰ ৰাজপথত আৰক্ষীয়ে প্ৰহাৰ কৰিলে বাইক আৰোহীক? বাইকৰ পৰা পৰি গ'ল কণমানি শিশু, প্ৰকৃততে কি হৈছিল? তদন্ত ঘোষণা...

কিয় গুৱাহাটীৰ ৰাজপথত আৰক্ষীয়ে প্ৰহাৰ কৰিলে বাইক আৰোহীক? বাইকৰ পৰা পৰি গ'ল কণমানি শিশু, প্ৰকৃততে কি হৈছিল? তদন্ত ঘোষণা...

হোলিৰ দিনা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আৰক্ষীয়ে হাত উঠালে এজন বাইক আৰোহীৰ গাত।

হোলিৰ দিনা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আৰক্ষীয়ে হাত উঠালে এজন বাইক আৰোহীৰ গাত।

হোলিৰ দিনা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আৰক্ষীয়ে হাত উঠালে এজন বাইক আৰোহীৰ গাত।

  • Share this:
শুকুৰবাৰে হঠাত্‍ পল্টনবজাৰত আৰক্ষী আৰু এগৰাকী বাইক আৰোহীৰ মাজত হতাহতিৰ সৃষ্টি হয়। এগৰাকী বাইক আৰোহীক প্ৰহাৰ কৰে কৰ্তব্যৰত এগৰাকী আৰক্ষী কনিষ্টবলে। লগে লগে বাইক আৰোহীজনেও আৰক্ষীৰ লোকজনক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰে।

এগৰাকী মহিলা আৰু এটি কণমানি শিশুও আছিল বাইকখনত। আৰক্ষী আৰু আৰোহীজনৰ প্ৰথম অৱস্থাত তৰ্কাতৰ্কিৰ সৃষ্টি হৈছিল যদিও পিছলৈ মাৰপিটৰ ৰূপ লয়। আৰক্ষী কনিষ্টবলজনে প্ৰহাৰ কৰে বাইকৰ ওপৰত উঠি থকা লোকজনক। লোকজনেও আৰক্ষীক প্ৰহাৰ কৰাৰ চেষ্টা কৰে। ফলত বাইকৰ পৰা পৰি যায় কণমানি শিশুটিৰ লগতে বাইকখনত থকা মহিলাগৰাকী।



পৰিস্থিতি পিছলৈ অনে ৰূপ লয়গৈ যে, বহুকেইজন আৰক্ষীৰলোকে লোকজনক বাইকৰ পৰা টানি প্ৰহাৰ কৰে। জানিব পৰে মতে, বাইক আৰোহীজনে ৰাস্তা কিছু সময় ব্লক কৰি ৰাখিছিল। ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। আৰু এইলৈয়ে বাইক আৰোহী আৰু ট্ৰেফিকজনৰ মাজত তৰ্কা-তৰ্কি হয়। পিছত একাংশ লোকে পৰস্থিতি নিয়ন্ত্ৰণ কৰে।

বাইক আৰোহীজনক প্ৰহাৰ কৰা আৰক্ষীৰ লোকজনৰ নাম ফকৰুদ্দিন আহমেদ বুলি জানিব পৰা গৈছে। পল্টনবজাৰ থানাৰ যান-বাহন আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদৰ শেহতীয়াকৈ ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে।
Published by:Himangshu Bhuyan
First published: