মূল্যবৃদ্ধি হ'লেও কিন্তু ৰাইজে বেছি বেয়া পোৱা নাই। আমি ৫টা সমষ্টিতে জিকিছোঃ বিজয়া চক্ৰৱৰ্তীয়ে
মূল্যবৃদ্ধি হ'লেও কিন্তু ৰাইজে বেছি বেয়া পোৱা নাই। আমি ৫টা সমষ্টিতে জিকিছোঃ বিজয়া চক্ৰৱৰ্তীয়ে
বজাৰত লাগিছে জুই! ৰাজ্যৰ চৌদিশে এতিয়া মূল্যবৃদ্ধি। পেট্ৰলজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি খোৱা সামগ্ৰী লৈকে...মূল্যবৃদ্ধিয়ে কুঙা কৰিছে সৰ্বসাধাৰণক। মূল্যবৃদ্ধিৰ প্ৰসংগত এইবাৰ মন্তব্য আগবঢ়াইছে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে।
বিৰোধীৰ আসনত বহোতে কিয় পিঁয়াজৰ মালা পিন্ধিছিল বিজয়া চক্ৰৱৰ্তীয়ে? বিষয়টো এৰাই চলিব খুজিলেও বিজয়া চক্ৰৱৰ্তীয়ে কয় যে, 'ৰাজনীতিত থাকিলে কৰিব লাগে। আগতে কোভিড নাছিল, কিন্তু এতিয়া আছে। সেয়ে মূল্যবৃদ্ধি হ'লে উপায় নাই।'
বিজেপিৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে লগতে কয় যে, 'মূল্যবৃদ্ধি হ'লেও কিন্তু ৰাইজে বেছি বেয়া পোৱা নাই। কাৰণ ৫টা সমষ্টিৰ উপ নিৰ্বাচনত জয়লাভ কৰিছো।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|