সংশ্লিষ্ট জিলাৰ পৰীক্ষাৰ্থীক লগত লৈ আন্দোলনৰ হুংকাৰ ৰাইজৰ দলৰ।
সংশ্লিষ্ট জিলাৰ পৰীক্ষাৰ্থীক লগত লৈ আন্দোলনৰ হুংকাৰ ৰাইজৰ দলৰ।
অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে ২০২১ বৰ্ষত অনুষ্ঠিত কৰিবলগীয়া টেট পৰীক্ষা সম্পৰ্কে আজি এক জাননী প্ৰকাশ কৰিছে। জাননী অনুযায়ী অসমৰ ২৭ খন জিলাতহে টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হৈছে। বিপৰীতে বজালী, বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হোৱা নাই।
ৰাইজৰ দলৰ সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে পৰীক্ষা কেন্দ্ৰ সন্দৰ্ভত চৰকাৰৰ এনে সিদ্ধান্তক লৈ প্ৰশ্ন কৰে ৷ এনে কাৰ্যই বিজেপিৰ বৈষম্যমূলক নীতি স্পষ্টভাৱে প্ৰকাশ কৰিছে বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ নেতাজনে । ৰাইজৰ দলে চৰকাৰৰ এনে নীতিৰ তীব্ৰ সমালোচনা কৰাৰ লগতে অসমৰ প্ৰতিখন জিলাতেই টেট পৰীক্ষা কেন্দ্ৰ দিয়াৰ দাবী জনায়।
দলটোৱে আগবঢ়োৱা যুক্তি অনুসৰি কেন্দ্ৰ নথকা জিলা কেইখনতো যথেষ্ট সংখ্যক শিক্ষিত নিবনুৱা যুৱক-যুৱতী আছে। এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিবলৈ দূৰণি ঠাইলৈ যোৱাৰ ক্ষেত্ৰত অহা-যোৱা, থকা-খোৱাকে ধৰি বহুখিনি খৰচ বহন কৰিবলগীয়া হয় আৰু সকলো নিবনুৱাৰ কাৰণে এইখিনি খৰচ বহন কৰাটো সম্ভৱ নহয়। দৰিদ্ৰ পৰিয়ালৰ নিৱনুৱাৰ বাবে ই যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব।
বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি আদি জিলাবোৰ সংখ্যালঘু অধ্যুষিত অঞ্চল কাৰণেই পৰিকল্পিতভাৱে এনে বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে নেকি বুলিও ইছলামে অসম চৰকাৰক প্ৰশ্ন কৰে। অসম চৰকাৰ আৰু শিক্ষা বিভাগে অতি শীঘ্ৰে অসমৰ সকলো জিলাতেই টেট পৰীক্ষা কেন্দ্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে সংশ্লিষ্ট জিলাবোৰৰ পৰীক্ষাৰ্থী সকলক সংগঠিত কৰি ৰাইজৰ দল, যুৱ বলে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|