உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কিয় চেঙাৰ বিদ্যুতৰ সমস্যাকলৈ সদন উত্তাল কৰিলে অখিল গগৈয়ে? প্ৰকৃততে কি হৈছিল বিধানসভাৰ ভিতৰত? জানি লওক সবিশেষ

    কিয় চেঙাৰ বিদ্যুতৰ সমস্যাকলৈ সদন উত্তাল কৰিলে অখিল গগৈয়ে? প্ৰকৃততে কি হৈছিল বিধানসভাৰ ভিতৰত? জানি লওক সবিশেষ

    ছচিয়েল মিডিয়াত এতিয়া একাংশই টাৰ্গেট কৰি লৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক। বহুতে প্ৰশ্ন কৰিছে- শেষ হ'ল নেকি শিৱসাগৰৰ সমস্যা? কিয় চেঙা সমষ্টিৰ প্ৰতি ইমান দৰদ ওপজিল অখিল গগৈৰ?

    • Share this:
    আজি অসম বিধান সভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন। প্ৰথমটো দিনৰ কাৰ্যকমণিকাৰ অন্তত এটা বিষয়ে এতিয়া ছচিয়েল মিডিয়াত বাৰুকৈয়ে চৰ্চা লাভ কৰিছিল। চেঙা সমষ্টিৰ বিদ্যুতৰ সমস্যাৰ সন্দৰ্ভত সদনত এক প্ৰশ্ন উত্থাপন কৰা দেখা গৈছিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক। আৰু তাৰ পিছৰ পৰাই একাংশই ছচিয়েল মিডিয়াত টাৰ্গেট কৰি লৈছে বিধায়কজনক। বহুতে প্ৰশ্ন কৰিছে- শেষ হ'ল নেকি শিৱসাগৰৰ সমস্যা, কিয় চেঙা সমষ্টিৰ প্ৰতি ইমান দৰদ ওপজিল অখিল গগৈৰ?

    পিছে চেঙা সমষ্টিৰ বিদ্যুতৰ সমস্যাৰ কথা কিয় ক'বলগীয়া হল অখিল গগৈয়ে?

    সদনত সেই সময়ত চেঙা সমষ্টিৰ বিদ্যুতৰ সমস্যাৰ ওপৰত আলোচনা চলি আছিল। কিন্তু তেতিয়াই শিৱসাগৰ সমষ্টিতো বিদ্যুতৰ সমস্যা আছে বুলি নিজৰ আসনৰ পৰা থিয় হৈ প্ৰশ্ন কৰে অখিল গগৈয়ে। কিন্তু সদনৰ নীতিৰ আধাৰত অখিল গগৈক এই ক্ষেত্ৰত বাধা দিলে অধ্যক্ষই। কাৰণ সদনৰ প্ৰশ্নোত্তৰ কালত বিষয়টোৰ ওপৰত প্ৰশ্নকৰ্তাজনৰ উপৰিও আন সদস্যই অংশ ল'ব পাৰে যদিও প্ৰশ্নটো সেই নিৰ্দিষ্ট সমষ্টিটোৰেই হ'ব লাগিব।

    অখিল গগৈয়ে সেইসময়ত শিৱসাগৰ সমষ্টিৰ প্ৰসংগ উত্থাপন কৰোতেই অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কয় যে, 'যদি প্ৰশ্ন কৰিব বিচাৰিছে, চেঙা সমষ্টিৰ কৰক। শিৱসাগৰ সমষ্টিৰ সমস্যাৰ ওপৰত প্ৰশ্ন কৰিব নাৱাৰিব।' তেতিয়া অখিল গগৈয়ে চেঙা সমষ্টিৰ বিদ্যুত সমস্যাৰ মাজেৰে পুনৰ শিৱসাগৰৰ বিদ্যুতৰ সমস্যাৰ কথা উল্লেখ কৰাৰ চেষ্টা কৰে। আকৌ বাধা দিয়ে অধ্যক্ষই। আৰু অৱশেষত চেঙা সমষ্টিৰ লগতে অসমৰ আন বহু সমষ্টিত বিদ্যুতৰ সমস্যা আছে বুলি কৈ বিভাগীয় মন্ত্ৰীৰ পৰা উত্তৰ বিচাৰে শিৱসাগৰৰ বিধায়কজনে।
    Published by:Himangshu Bhuyan
    First published: