• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰস্তাৱেই নিদিলে! বিধায়ক প্ৰশান্ত ফুকনৰ বাবেই আশাহত ডিব্ৰুগড়বাসী! এই বিষয়ত বাৰে বাৰে হৈছে বঞ্চিত...

প্ৰস্তাৱেই নিদিলে! বিধায়ক প্ৰশান্ত ফুকনৰ বাবেই আশাহত ডিব্ৰুগড়বাসী! এই বিষয়ত বাৰে বাৰে হৈছে বঞ্চিত...

কেবিনেট সিদ্ধান্তৰ পিছত বিধানসভাত বিধেয়ক পাৰিত হোৱাৰ পিছতো ১৮৭৩চনত গঠন হোৱা পৌৰ সভাখন কিয় পৌৰ নিগম নহ'ল তাকে লৈ অৱতাৰণা হৈছে প্ৰশ্নৰ ৷

কেবিনেট সিদ্ধান্তৰ পিছত বিধানসভাত বিধেয়ক পাৰিত হোৱাৰ পিছতো ১৮৭৩চনত গঠন হোৱা পৌৰ সভাখন কিয় পৌৰ নিগম নহ'ল তাকে লৈ অৱতাৰণা হৈছে প্ৰশ্নৰ ৷

কেবিনেট সিদ্ধান্তৰ পিছত বিধানসভাত বিধেয়ক পাৰিত হোৱাৰ পিছতো ১৮৭৩চনত গঠন হোৱা পৌৰ সভাখন কিয় পৌৰ নিগম নহ'ল তাকে লৈ অৱতাৰণা হৈছে প্ৰশ্নৰ ৷

  • Share this:
ৰাজ্যৰ ৮০টা পৌৰ নিকায়ত ৬ মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ পৌৰ নিগমলৈ উন্নীত হোৱাৰ বিপৰীতে অসমৰ প্ৰথমখন ডিব্ৰুগড় পৌৰসভা আকৌ এবাৰ বঞ্চিত হৈ ৰ'ল ৷ কেবিনেট সিদ্ধান্তৰ পিছত বিধানসভাত বিধেয়ক পাৰিত হোৱাৰ পিছতো ১৮৭৩চনত গঠন হোৱা পৌৰ সভা খন কিয় পৌৰ নিগম নহ'ল তাকে লৈ অৱতাৰণা হৈছে প্ৰশ্নৰ ৷

ৰাজ্যৰ প্ৰথমখন পৌৰসভা ডিব্ৰুগড় পৌৰসভা ৷ ১৮৭৩ চনতে বৃটিছ আমোলত প্ৰতিষ্ঠা হোৱা ডিব্ৰুগড় পৌৰসভা এইবাৰো উন্নীত নহ'ল পৌৰ নিগমলৈ ৷ শেহতীয়াকৈ ধেমাজিত অনুষ্ঠিত হোৱা কেবিনেটত শিলচৰ,ডিব্ৰুগড়ক পৌৰ নিগমলৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ ইয়াৰ পিছত বিধানসভাতো এই ডিব্ৰুগড় আৰু শিলচৰক পৌৰ নিগমলৈ উন্নিত কৰিবলৈ বিধেয়কো অনা হৈছিল ৷

কিন্তু আদালতৰ আওতাত সোমোৱাত শিলচৰত ৬মাৰ্চত অনুষ্ঠিত নহয় নিৰ্বাচন ৷ ইয়াৰ বিপৰীতে নিগমৰ সলনি পৌৰসভা হিচাপেই ডিব্ৰুগড়ৰ ২২টা পৌৰসভাত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ অৰ্থাৎ,আকৌ এবাৰ আশাহত হ'ল ডিব্ৰুগড়বাসী ৷ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাবেই অসমৰ আটাইতকৈ পুৰণি পৌৰসভাখন নিগমলৈ উন্নিত নহ'ল৷ "

কেবিনেটত সিদ্ধান্ত লৈ বিধানসভাত আইনো কৰা হ'ল ৷ কিন্তু সম্প্ৰসাৰণৰ প্ৰস্তাৱেই নিদিলে স্থানীয় বিধায়ক প্ৰশান্ত ফুকনে ৷ প্ৰশান্ত ফুকনে ৰাইজৰ লগত আলোচনা কৰিহে সম্প্ৰসাৰণৰ প্ৰস্তাৱ দিব ৷ যাৰ ফলশ্ৰুতিত ডিব্ৰুগড়ত এতিয়া পৌৰসভাৰ নিৰ্বাচন হ'ব,নিগমৰ নহয় ৷"

একমাত্ৰ নিজৰ স্বাৰ্থতে প্ৰশান্ত ফুকনে এনে কৰাত ক্ষুন্ন ডিব্ৰুগড়ৰ একাংশ লোক ৷ উল্লেখ্য যে, ৬মাৰ্চত হ'ব লগীয়া নিৰ্বাচনত সেয়ে বহু অসন্তুষ্টি লৈয়েই ভোট দিব লাগিব ডিব্ৰুগড় পৌৰসভা এলেকাৰ ৰাইজে ৷ ৯ মাৰ্চত ওলাব নিৰ্বাচনী ফলাফল ৷ ইয়াৰ পিছতো বহু অপেক্ষা কৰি যাৱ লাগিব নিগমলৈ উন্নীত হোৱাৰ বাবে ডিব্ৰুগড়ে ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি