உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ইচ্ছাকৃত ভাবেই ‘Chhapaak’ৰ মুক্তিৰ পূৰ্বে বিতৰ্ক বিচাৰি JNUলৈ গৈছিল দীপিকা পাডুকনঃ হিমন্ত বিশ্ব শৰ্মা

    ইচ্ছাকৃত ভাবেই ‘Chhapaak’ৰ মুক্তিৰ পূৰ্বে বিতৰ্ক বিচাৰি JNUলৈ গৈছিল দীপিকা পাডুকনঃ হিমন্ত বিশ্ব শৰ্মা

     দীপিকা পাডুকন জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ মন্তব্য

    দীপিকা পাডুকন জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ মন্তব্য

    দীপিকা পাডুকন জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ মন্তব্য

    • Share this:
    JNUলৈ দীপিকা পাডুকন কিয় গৈছিল জানেনে? অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু জানে!

    ‘দীপিকা পাডুকন ‘দেশদ্ৰোহী’, তেওঁৰ চিনেমা ‘ছপাক’ বৰ্জন কৰক’। JNUত দীপিকা পাডুকণ উপস্থিত হোৱাৰ পিছতে অভিনেত্ৰীগৰাকীৰ নতুন ছবি ‘Chhapaak’ ৰ মুক্তিৰ পূৰ্বে তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে। কোনোৱে ‘Chhapaak’ৰ টিকট কেনচেল কৰাও দেখিবলৈ পোৱা গৈছে। এইবাৰ দীপিকা পাডুকন জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ মন্তব্য।

    source-Google


    কেইটামান গুন্দাই JNUৰ চৌহদত প্ৰৱেশ কৰি ছাত্ৰ একতা সভাৰ সভাপতিৰ লগতে ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰিছিল। বিশ্ব বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীয়ে এই আক্ৰমণত ABVP প্ৰত্যক্ষ ভাবে জড়িত থকাৰ অভিযোগ তুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদত যোগ দিছিল অভিনেত্ৰী দীপিকা পাডুকনে। ফলত একাংশই দীপিকা পাডুকনক ‘দেশদ্ৰোহী’ আখ্যা দিয়াৰ লগত তেওঁৰ চিনেমা ‘ছপাক’ বৰ্জন কৰবলৈও ‘প্ৰকৃত দেশপ্ৰেমী’ আহ্বান জনাইছিল।

    জেএনইউত মঙলবাৰে দীপিকা পাডুকন


    সমগ্ৰ বিষয়টো বিতৰ্কৰ মাজত সোমাই পৰাৰ পিছত এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘নতুন ছবি মুক্তি পোৱাৰ প্ৰাকক্ষণত বিতৰ্ক বিচাৰি দীপিকা পাডুকন গৈছিল বিশ্ববিদ্যালয়খনলৈ। মই ভাবো, দীপিকাই এনে কৰিছিল যাতে কোনো ধৰণৰ বিনিয়োগ অবিহনে ছবিখনে এটা পাব্লিচিটী পাই যায়।’

    Published by:Himangshu Bhuyan
    First published: