• Home
  • »
  • News
  • »
  • assam
  • »
  • কিয় শিশুগৃহৰ পৰা প্ৰায়ে পলাই যায় শিশু! যোৰহাটৰ শিশুগৃহৰ পৰা শিশুৰ পলায়নৰ কাৰণ কি?

কিয় শিশুগৃহৰ পৰা প্ৰায়ে পলাই যায় শিশু! যোৰহাটৰ শিশুগৃহৰ পৰা শিশুৰ পলায়নৰ কাৰণ কি?

যোৱা ১৩ জুনতো এই শিশু গৃহটোৰ পৰা চাৰি শিশুৱে পলায়ন কৰিছিল। কিন্তু প্ৰশ্ন হয় যে কিয় পলাই যায় এই শিশুসকল!

যোৱা ১৩ জুনতো এই শিশু গৃহটোৰ পৰা চাৰি শিশুৱে পলায়ন কৰিছিল। কিন্তু প্ৰশ্ন হয় যে কিয় পলাই যায় এই শিশুসকল!

যোৱা ১৩ জুনতো এই শিশু গৃহটোৰ পৰা চাৰি শিশুৱে পলায়ন কৰিছিল। কিন্তু প্ৰশ্ন হয় যে কিয় পলাই যায় এই শিশুসকল!

  • Share this:
শিশু গৃহসমূহৰ পৰা প্ৰায়ে কিয় পলায়ন কৰে একাংশ শিশুৱে! বৰ্তমান তাক লৈ এক প্ৰশ্নৰ সৃষ্টি হৈছে। যোৰহাটৰ মালৌআলিস্থিত শংকৰ মাধৱ কৃষ্টি কেন্দ্ৰ শিশু গৃহৰ পৰা সোমবাৰে নিশা পুনৰ পলাই গৈছিল ৯টা শিশু। অৱশ্যে তাৎক্ষণিকভাৱে ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হোৱাত যোৰহাট সদৰ আৰক্ষীয়ে এঘণ্টাৰ ভিতৰতে ৭টা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, যোৱা ১৩ জুনতো এই শিশু গৃহটোৰ পৰা চাৰি শিশুৱে পলায়ন কৰিছিল। কিন্তু প্ৰশ্ন হয় যে কিয় পলাই যায় এই শিশুসকল!

এই সন্দৰ্ভত শিশু গৃহটোৰ কৰ্তৃপক্ষই জনায় যে শিশু গৃহটোলৈ শেহতীয়াকৈ অহা এটা কিশোৰৰ প্ৰৰোচনাতে এই কাণ্ড সংঘটিত হৈছে। এপষেক পূৰ্বে শিশুগৃহটোলৈ অহা মাজুলীৰ এজন কিশোৰে দেওবাৰে নিশা শিশুগৃহটোত বহুত উদ্ভণ্ডালি কৰাৰ লগতে তাত থকা একাংশ আৱাসীকো প্ৰলোভিত কৰে। সেই সন্দৰ্ভত শিশুগৃহটোৰ কৰ্তৃপক্ষই কিশোৰজনৰ ওপৰত ব্যৱস্থা লবলৈ আগবাঢ়ে। কিন্তু তাৰ পূৰ্বেই কিশোৰজনে বাথৰুমৰ গ্ৰীল ভাঙি শিশুগৃহটোৰ একাংশ আৱাসীক লগত লৈ পলাই যায়। অৱশ্যে আৰক্ষীয়ে পলাই যোৱা ৯জন কিশোৰৰ ৭জনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। শিশুগৃহৰ পৰা শিশুৰ পলায়নৰ ঘটনাৰ ওপৰত এক নিৰপেক্ষ তদন্তৰ প্ৰয়োজন আছে।
Published by:Sanjay Kumar Das
First published: