• Home
  • »
  • News
  • »
  • assam
  • »
  • Anand Mishra : কিয় বিহাৰৰ প্ৰাৰ্থীয়ে UPSCত সফলতা অৰ্জন কৰে? কি ক'লে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই

Anand Mishra : কিয় বিহাৰৰ প্ৰাৰ্থীয়ে UPSCত সফলতা অৰ্জন কৰে? কি ক'লে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই

আনন্দ মিশ্ৰই কয়, "মানুহে বিহাৰৰ নাম শুনিলে এখন পিছপৰা, অপৰাধেৰে পৰিপূৰ্ণ ৰুগীয়া ৰাজ্য বুলি ভাৱে। কিন্তু প্ৰাচীন কালতে বিহাৰত নালন্দা আৰু বিক্ৰমশীলাৰ দৰে বিশ্ববিদ্যালয় আছিল।’’

আনন্দ মিশ্ৰই কয়, "মানুহে বিহাৰৰ নাম শুনিলে এখন পিছপৰা, অপৰাধেৰে পৰিপূৰ্ণ ৰুগীয়া ৰাজ্য বুলি ভাৱে। কিন্তু প্ৰাচীন কালতে বিহাৰত নালন্দা আৰু বিক্ৰমশীলাৰ দৰে বিশ্ববিদ্যালয় আছিল।’’

আনন্দ মিশ্ৰই কয়, "মানুহে বিহাৰৰ নাম শুনিলে এখন পিছপৰা, অপৰাধেৰে পৰিপূৰ্ণ ৰুগীয়া ৰাজ্য বুলি ভাৱে। কিন্তু প্ৰাচীন কালতে বিহাৰত নালন্দা আৰু বিক্ৰমশীলাৰ দৰে বিশ্ববিদ্যালয় আছিল।’’

  • Share this:
"বিহাৰক সকলোৱে এখন পিছপৰা ৰাজ্য বুলি ভাৱে। কিন্তু বিহাৰ প্ৰাচীন কালৰে পৰা ভাৰতৰ শিক্ষাৰ ৰাজধানী আছিল।"- News18ৰ UPSC Conversation নামৰ অনুষ্ঠানটিত এই মন্তব্য নগাঁৱৰ আৰক্ষী অধীক্ষক তথা আইপিএছ বিষয়া আনন্দ মিশ্ৰৰ। অসমৰ যুৱ প্ৰজন্মক প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱাৰ প্ৰচেষ্টাৰে News18 অসমে আয়োজন কৰা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীসকলৰ বাবে বহুকেইটা গঠনমূলক পৰামৰ্শ আগবঢ়ায় নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে।

News18ৰ সহযোগী সম্পাদক পাৰ্থজ্যোতি বৰাই পৰিচালনা কৰা অনুষ্ঠানটোত কিয় বিহাৰৰ প্ৰাৰ্থীয়ে অসমতকৈ বেছি সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰে সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত আনন্দ মিশ্ৰই কয়, "মানুহে বিহাৰৰ নাম শুনিলে এখন পিছপৰা, অপৰাধেৰে পৰিপূৰ্ণ ৰুগীয়া ৰাজ্য বুলি ভাৱে। কিন্তু প্ৰাচীন কালতে বিহাৰত নালন্দা আৰু বিক্ৰমশীলাৰ দৰে বিশ্ববিদ্যালয় আছিল। বিহাৰ প্ৰাচীন ভাৰতৰ শিক্ষাৰ ৰাজধানী আছিল। ইয়াৰ উপৰিও বিহাৰৰ যুৱপ্ৰজন্মই ক্ষমতাশালী চৰকাৰী পদবীৰ প্ৰতি সৰুৰে পৰা আগ্ৰহী। সংস্থাপনৰ বাবেও বিহাৰৰ প্ৰাৰ্থীয়ে শৈক্ষিক দিশত অধিক গুৰুত্ব দিয়ে। সেয়ে বিহাৰৰ প্ৰাৰ্থীসকল কেৱল কেন্দ্ৰীয় লোকসেৱা আয়োগতে নহয়, আইআইটি আৰু আইআইএম আদিৰ দৰে শিক্ষানুষ্ঠানসমূহৰ প্ৰৱেশ পৰীক্ষাতো যথেষ্ট সফল হয়।"

আনন্দ মিশ্ৰই লগতে কয়, "বিহাৰৰ যুৱপ্ৰজন্মই প্ৰতিযোগিতামূলক পৰীক্ষা অথবা চৰকাৰী চাকৰিত গুৰুত্ব দিয়াৰ বিপৰীতে গুজৰাটৰ যুৱপ্ৰজন্মই স্ব-নিয়োজনত অধিক গুৰুত্ব দিয়ে। সেয়ে তেওঁলোক ভাৰতৰ ভিতৰতে ব্যৱসায়ত বেছি সফল। আনহাতে, পঞ্জাৱ আৰু কেৰালাৰ যুৱপ্ৰজন্মই বিদেশত সংস্থাপনৰ প্ৰতি বেছি আগ্ৰহী।" উল্লেখযোগ্য যে, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ অনুষ্ঠানটোত অসমৰ যুৱপ্ৰজন্মক কেন্দ্ৰীয় লোকসেৱা আয়োগত সফলতা অৰ্জন কৰাৰ বহু কৌশল প্ৰদান কৰে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: