সমগ্ৰ দেশ মোদীময় হোৱাৰ সময়ত কিয় পুৰণি দূৰ্গ নগাঁৱত পতন বিজেপিৰ?

ৰাজেন গোঁহাইয়ে মৰা চিপৰাঙেই ৰূপক শর্মাৰ পৰাজয়ৰ কাৰণ হ’ল নে কি? চলিছে তীব্ৰ বিতৰ্ক।

News18
Updated:May 24, 2019, 12:56 PM IST
সমগ্ৰ দেশ মোদীময় হোৱাৰ সময়ত কিয় পুৰণি দূৰ্গ নগাঁৱত পতন বিজেপিৰ?
ৰাজেন গোঁহাইয়ে মৰা চিপৰাঙেই ৰূপক শর্মাৰ পৰাজয়ৰ কাৰণ হ’ল নে কি? চলিছে তীব্ৰ বিতৰ্ক।
News18
Updated: May 24, 2019, 12:56 PM IST
বিগত ২০বছৰে অসমত বিজেপিৰ অভেদ্য দূৰ্গ ৰূপে পৰিগণিত হোৱা সমষ্টি নগাঁও। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে একেৰাহে চাৰিবাৰকৈ বিজয়ী হৈ সমষ্টিটো সুৰক্ষিত কৰি ৰখাৰ পিছত দলে এইবাৰ তেওঁক টিকট প্ৰদান কৰাৰ পৰা বিৰত থাকে। ফলাফলত বিজেপিৰ ৰূপক শৰ্মাই ৭,২২,৯৭২টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে ৭,৩৯,৭২৪টা ভোট লাভ কৰি সমষ্টিটোত শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। যি সময়ত সমগ্ৰ দেশত মোদী ছুনামিত বিৰোধী তচ নচ হোৱাৰ সময়ত অসমত এটি পুৰণি দূৰ্গ গেৰুৱা দলটোৱে হেৰুৱাবলগীয়া হোৱা ঘটনাই তাৎপৰ্য বহন কৰিছে। নগাঁও সমষ্টিটো একেৰাহে দীঘলীয়া সময় বিজেপিৰ দখলত থকা অসমৰ একমাত্ৰ সমষ্টি। গুৱাহাটী সমষ্টিত একালত বিজয়া চক্ৰৱৰ্তীয়ে খোপনি পুতি আছিল যদিও তেওঁক এবাৰ পৰাস্ত কৰিছিল কংগ্ৰেছৰ কিৰিপ চলিহাই। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিজেপিৰ প্ৰাসংগিকতা নথকাৰ দিনতো নগাঁও সমষ্টিয়ে গেৰুৱা দলটোক নিৰাশ কৰা নাছিল। কিন্তু শেহতীয়া লোকসভা নিৰ্বাচনত চাৰে তিনিশৰো অধিক আসন এনডিএৰ দখললৈ অহাৰ সময়ত অঘটন ঘটাই কংগ্ৰেছে পৰাস্ত কৰে বিজেপি বিধায়ক তথা সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক। মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন শক্তিমন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে ‘বহিৰাগত’ প্ৰাৰ্থী হোৱা স্বত্তেও পৰাস্ত কৰে স্থানীয় প্ৰাৰ্থী জনপ্ৰিয় নেতা ৰূপক শৰ্মাৰ।

ৰিটাৰ্ণিং বিষয়াই প্ৰদ়্যুৎ বৰদলৈক প্ৰদান কৰে বিজয়ী হোৱাৰ পত্ৰ।


ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এগজিট পলৰ অনুমান প্ৰকাশ পোৱাৰ আগতেই দাবী কৰিছিল যে বিজেপিয়ে অসমত দহখন আসন লাভ কৰিব। তেওঁৰ মতে অসমত এইবাৰ অভিলেখ কৰিব বিজেপিয়ে। ৰঞ্জিত দাসৰ হিচাপত অৱধাৰিতভাৱে আছিল নগাঁও। ৰাজ্যিক সভাপতিগৰাকীৰ দাবী অনুসৰি অসমত বিজেপিয়ে অভিলেখ গঢ়ি প্ৰথমবাৰ ৯খন লোকসভাৰ আসন লাভ কৰিলে কিন্তু পৰাস্ত হ’ল নগাঁৱত।

ৰূপক শৰ্মাৰ পৰাস্ত হোৱাৰ কাৰণ বিচাৰি এতিয়া সকলোৱে হাবাথুৰি খালেও চৰ্চিত খবৰ সম্ভৱতঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে টিকট বঞ্চিত হৈ আন দুজন বিধায়কৰ সহযোগত চিপৰাং মাৰিলে আৰু তাৰ পৰিণতিতে পৰাস্ত হ’ল ৰূপক শৰ্মা। নিৰ্বাচনৰ আগে আগে ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰীৰ গোচৰ চৰ্চালৈ আহিছিল আৰু দলে তেওঁ এই অভিযোগৰ পৰা ৰেহাই পোৱাৰ পিছতো টিকট প্ৰদানৰ পৰা বিৰত আছিল, ৰাজেন গোঁহাইয়ে টিকটৰ তালিকা ঘোষণা কৰাৰ ৰাজহুৱা কৰিছিল এইবাৰ তেওঁ নিৰ্বাচনত নুঠে। কিন্তু যেতিয়া তেওঁৰ পত্নী ৰীতা গোঁহাইকো দলে টিকট নিদিলে আৰু বাছনিত ৰূপক শৰ্মাৰ নাম উঠিল তেতিয়া ৰাজেন গোঁহাইয়ে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছিল। ৰূপক শৰ্মাক হাতত ধৰি ৰাজনীতিলৈ উঠাই অনা জাতীয় মন্তব্যও কৰিছিল গোঁহাইয়ে। পৰৱৰ্তী সময়ত ৰূপক শর্মাই দলৰ জ্যেষ্ঠ সতীৰ্থগৰাকীৰ পৰা সহায় লাভ নকৰাৰ অভিযোগেৰে দলে এনে নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰিছিল। হয়তো ৰূপক শৰ্মাই নিৰ্বাচনৰ সময়তে অনুমান কৰিছিল দলৰ ভিতৰৰ পৰা মৰা চিপৰাঙে বাৰুকৈ ক্ষতি কৰিছে তেওঁক। দলৰ ভিতৰচৰাতো চৰ্চা লাভ কৰিছিল এই চিপৰাঙৰ ৰাজনীতিয়ে। একাংশ সংবাদমাধ্যমৰ মতে ৰাজেন গোঁহাইৰ সুৰত সুৰ মিলাই ৰূপক শৰ্মাক অসহযোগ কৰিলে হোজাইৰ বিধায়ক শিলাদিত্য দেৱ আৰু লামডিঙৰ বিধায়ক শিবু মিশ্ৰই। অৱশ্যে দলৰ নেতৃত্বৰ তৰফৰ পৰা এই বিষয়ত কোন তথ্য ৰাজহুৱা কৰা হোৱা নাই।
আৰু চাওক পৰৱৰ্তী বাতৰি