‘মনৰ কথা খিনি সদনত উপস্থাপন কৰিছিলো, কিন্তু ভোট দলৰ সিদ্ধান্ত মানিহে দিছিলো’

News18 Assam | News18-Assam
Updated:January 27, 2020, 6:54 PM IST
‘মনৰ কথা খিনি সদনত উপস্থাপন কৰিছিলো, কিন্তু ভোট দলৰ সিদ্ধান্ত মানিহে দিছিলো’
দীৰ্ঘদিনৰ বিৰতিৰ পিছত দেখা গ’ব অগপৰ ৰাজ্যসভাৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক

দীৰ্ঘদিনৰ বিৰতিৰ পিছত দেখা গ’ব অগপৰ ৰাজ্যসভাৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ ফলত ভৱিষ্যতে অসমীয়া জাতি ভাষা, সংস্কৃতিৰ সংকটত পৰিব বুলি সদনত অসমীয়াতে ভাষণ ৰখা অগপৰ ৰাজ্যসভাৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কিন্তু ভোটদান কৰিছিল আইন(তেতিয়াৰ বিধেয়ক)খনৰ সমৰ্থনত। এই কথা পোহৰলৈ অহাৰ পিছত অসমত চৌদিশে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল সাংসদগৰাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দাহ কৰা হৈছিল অসমৰ প্ৰধান আঞ্চলিক দলটোৰ একমাত্ৰ সাংসদজনৰ প্ৰতিকৃতি।

কিন্তু মুখৰ কথা আৰু কামত কোনো ধৰণৰ মিল নথকা সাংসদ জনে নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত ভোটদান কৰাৰ পিছৰ পৰাই পালন কৰি আহিছিল মৌনব্ৰত! কিন্তু দীৰ্ঘদিনৰ বিৰতিৰ পিছত সাংসদজনে কিয় নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত ভোটদান কৰিবলগীয়া হ’ল, সেই কথা প্ৰকাৰন্তৰে বুজাবলৈ যত্ন কৰে। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে, ‘দলৰ সিদ্ধান্ত মানিহে CAAৰ সমৰ্থনত ভোট দিছিলো। কিন্তু নিজৰ ব্যক্তিগত মত  সদনত উপস্থাপন কৰিছিলো।’
Published by: Himangshu Bhuyan
First published: January 27, 2020, 6:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading