বিজেপিৰ শক্তিশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সততে ৰাইজক কয়, বিজেপিক সমৰ্থন নকৰিলে এদিন বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ’ব। ‘কা’ বিৰোধী প্ৰতিবাদৰ সময়তো ডঃ হিমন্ত বিশ্বই একেই কথা বিভিন্ন মঞ্চত কৈ আহিছে। পিছে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ দাবী কৰিছে স্বয়ং বদৰুদ্দিন আজমলে। শণিবাৰৰ সংবাদমেলত এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে নতুন ভূমি নীতি আৰু নাগৰিকত্ব সংশোধনী আইনক লৈ মন্তব্য প্ৰকাশ কৰাৰ সময়ত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। বিজেপি চৰকাৰক সমালোচনা কৰি আজমলে কয়,
হিমন্ত বিশ্ব এজন বিদগ্ধ পণ্ডিত, তেওঁ যি ধৰণে নিৰ্বাচনৰ আগত প্ৰেদিকছন দিয়ে তেনেদৰে ফলিয়ায়। গতিকে তেওঁ মোক দহ বছৰ পিছত মুখ্যমন্ত্ৰী হব বুলি মন্তব্য কৰিছে যদি নিশ্চয় হ’ব পাৰিম।
আজমলে লগত কয়, ইছ্যুৰ ওপৰত হিমন্তই ধ্যান দিয়ক,বাঘ আহিব খাব বুলি ভয় কৰিব নালাগে। মোৰ ১৫ বছৰ ৰাজনীতিত হিমন্তই মোৰ বিষয়ে প্ৰচাৰ কৰি আছে মই ভাল পাইছো।
নতুন ভূমি নীতি আৰু নাগৰিকত্ব সংশোধনী আইনক লৈ এই সংবাদমেলৰ আয়োজন কৰে আজমলে। প্ৰতিবাদ আন্দোলনৰ মাজতে চৰকাৰে নাগৰিকত্ব আইনক গৃহীত কৰোৱাক লৈ আজমলৰ মন্তব্য, বিজেপি চৰকাৰে হিটলাৰী শাসন চলাইছে, এই আই ইউ ডি এফে এই আইনৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ কৰি আহিছে, আমি ‘কা’ নামানো বুলি উচ্চতম ন্যায়ালয়ত গোচৰো ৰুজু কৰিছো। নতুন ভূমি নীতি প্ৰস্তুত কৰিছে যদিও খিলঞ্জীয়াৰ সংজ্ঞা এতিযাও নিৰ্ধাৰন হোৱা নাই। এয়া চৰকাৰৰ এক ললিপপহে। এই নতুন ভূমি নীতিৰ দ্বাৰা অসমৰ সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে চৰকাৰে। অসমৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰক অতি আত্মবিশ্বাসী আখ্যা আজমলৰ। অসমৰ লোকৰ আৱেগক গুৰুত্ব নিদি নতুন নতুন আইন প্ৰযোজ্য কৰিছে সৰ্বানন্দ সোনোৱাল চৰকাৰে। সৰ্বশেষত আকৌ এবাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ অপূৰণীয় আশা উনুকিয়াবলৈ নাপাহৰিলে আজমলে। লোকসভাৰ নিৰ্বাচনত ‘জেণ্টলমেন এগ্ৰীমেণ্ট’ ভংগ কৰাক লৈ কংগ্ৰেছৰ ওপৰত থকা খং পাহৰিবলৈ সাজু আজমল। তেওঁৰ মন্তব্য, সাম্প্ৰদায়িকতা নাথাকিলে নতুন দল গঠন কৰাক লৈ কোনো আপত্তি নাই। সাম্প্ৰদায়িকতা নাথাকিলে সকলো দলৰ লগতে জোঁটবন্ধন কৰিম, কংগ্ৰেছৰ লগতো কৰিম।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|