কিয় দিল্লী অসমীয়াৰ বাবে সদায় দূৰত? CAA বিৰোধী প্ৰতিবাদত ওলাল একাংশ ৰাষ্ট্ৰীয় মাধ্যমৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কত ধাৰণা

News18 Assam | News18-Assam
Updated:December 20, 2019, 7:18 PM IST
কিয় দিল্লী অসমীয়াৰ বাবে সদায় দূৰত? CAA বিৰোধী প্ৰতিবাদত ওলাল একাংশ ৰাষ্ট্ৰীয় মাধ্যমৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কত ধাৰণা
Source-Google

অভিনেত্ৰী বৰষাৰাণী বিষয়াই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ফটো একাংশ সংবাদগোষ্ঠীয়ে জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ প্ৰতিবাদৰ সৈতে সংলগ্ন কৰিছে।

  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। যদিও আৰম্ভণিতে আন্দোলনে কিছু হিংসাৰ আশ্ৰয় লৈছিল, কিন্তু এতিয়া সম্পূৰ্ণ অহিংস ৰূপত ৰাজ্যত ধাৰাবাহিক ভাবে চলি আছে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো এইবাৰ বিশেষ ভাবে প্ৰাধান্য পাইছে অসমত হোৱা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে।

কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ একাংশ সংবাদ গোষ্ঠীয়ে অসমত হোৱা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ সন্দৰ্ভত ভুলকৈ বাতৰি পৰিবেশন কৰা দেখা গৈছে। একাংশ সংবাদগোষ্ঠীয়ে অসমত চলি থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনক ধৰ্মৰ আধাৰত হোৱা বুলি বাতৰি প্ৰকাশ কৰিছে। কিন্তু অসমত যে নিজৰ ভাষা, সাহিত্য, সংস্কৃতি ৰক্ষাৰ বাবে আন্দোলন চলিছে সেইলৈ হোৱা নাই বিশেষ চৰ্চা।

ঠিক সেইদৰে একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে যে, অসমত আলফাৰ প্ৰত্যক্ষ সহযোগত চলিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। কিন্তু অসমৰ সৰ্বস্তৰৰ লোক যে, নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলনত জপিয়াই পৰিছে, সেই কথা একাংশ সংবাদ মাধ্যমৰ দৃষ্টি গোচৰ হোৱা নাই।

ইয়াৰ উপৰিও অভিনেত্ৰী বৰষাৰাণী বিষয়াই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ফটো একাংশ সংবাদগোষ্ঠীয়ে জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ প্ৰতিবাদৰ সৈতে সংলগ্ন কৰিছে।

আটাইতকৈ আশ্বৰ্যকৰ কথাতো হ’ল যে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এগৰাকী মুখ্য সম্পাদকে ইম্ফলক মেঘালয়ৰ ৰাজধানী হিচাপে উল্লেখ কৰি বাতৰি পৰিবেশন কৰিছে। যিটো বিষয়ে এতিয়া ছচিয়েল মিডিয়াতো বিশেষ তাৎপৰ্যবহন কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি