মুখ্যপৃষ্ঠা »খবৰ »অসম »কিয় ডিব্ৰুগড়লৈ অনা হ’ল ধৃত খালিস্তানী উগ্ৰপন্থীক? এসময়ৰ দুৰ্যোগ স্বৰূপ দূৰত্বক এইবাৰ সুযোগ হিচাপে লৈছে কেন্দ্ৰই

কিয় ডিব্ৰুগড়লৈ অনা হ’ল ধৃত খালিস্তানী উগ্ৰপন্থীক? এসময়ৰ দুৰ্যোগ স্বৰূপ দূৰত্বক এইবাৰ সুযোগ হিচাপে লৈছে কেন্দ্ৰই

কিয় ডিব্ৰুগড়লৈ অনা হ’ল ধৃত খালিস্তানী উগ্ৰপন্থীক?

কিয় ডিব্ৰুগড়লৈ অনা হ’ল ধৃত খালিস্তানী উগ্ৰপন্থীক?

পঞ্জাৱত খালিস্তানী উগ্ৰপন্থীৰ প্ৰতি জনসমৰ্থনো নৰূপত আত্মপ্ৰকাশ কৰিছে। সেয়ে ধৃত খালিস্তানী উগ্ৰপন্থীৰ প্ৰতি যাতে সহজে সহানুভুতি সৃষ্টি নহয়, সেয়ে পঞ্জাৱৰ পৰা আঁতৰত ৰখাকে নিৰাপদ বুলি বিবেচনা কৰিছে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ নীতি–নিৰ্ধাৰণকাৰীসকলে।

  • Share this:
খালিস্তানী উগ্ৰপন্থীৰ ইতিহাস ৰক্তৰঞ্জিত। দেশৰ অন্যতম দুধৰ্ষ পঞ্জাৱৰ এই খালিস্তানী উগ্ৰপন্থী। জাৰ্ণাইল সিং ভিন্দ্ৰেনৱালেৰ দিনৰ পৰাই খালিস্তানী উগ্ৰপন্থী ভয়াৱহতা চিৰ পৰিচিত। কাৰাগাৰৰ পৰা সতীৰ্থ উগ্ৰপন্থীক উলিয়াই নিয়াৰ লগতে আৰক্ষীৰ বেহু আক্ৰমণ খালিস্তানী উগ্ৰপন্থীৰ বাবে আছিল সাধাৰণ ঘটনা। সেয়ে শেহতীয়াকৈ পুনৰ শক্তিশালী ৰূপত মূৰ দাঙি উঠা খালিস্তানী উগ্ৰপন্থীক কোনো কাৰণতে সহজভাৱে ল’ব খোজা নাই দেশৰ নিৰাপত্তা বাহিনী তথা চোৰাংচোৱা সংস্থাসমূহে।

তাৰ সমান্তৰালকৈ পঞ্জাৱত খালিস্তানী উগ্ৰপন্থীৰ প্ৰতি জনসমৰ্থনো নৰূপত আত্মপ্ৰকাশ কৰিছে। সেয়ে ধৃত খালিস্তানী উগ্ৰপন্থীৰ প্ৰতি যাতে সহজে সহানুভুতি সৃষ্টি নহয়, সেয়ে পঞ্জাৱৰ পৰা আঁতৰত ৰখাকে নিৰাপদ বুলি বিবেচনা কৰিছে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ নীতি–নিৰ্ধাৰণকাৰীসকলে। সেই বাবেই কেন্দ্ৰীয় চৰকাৰে পঞ্জাৱৰ বাহিৰত নিৰাপদ ঠাইৰ সন্ধান আৰম্ভ কৰে।

স্বাভাৱিকতে দেশৰ মূল ভূখণ্ডৰে মানসিকভাৱে বহুযোজন মাইল দূৰত অৱস্থান কৰা উত্তৰ–পূবেই দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ নীতি–নিৰ্ধাৰণকাৰীসকলৰ বাচনিত উঠে। স্বাভাৱিকতে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ কথাই প্ৰথম স্থান লাভ কৰে এই বাচনিত। কিয়নো শেহতীয়াকৈ অসম আৰক্ষীয়ে অপৰাধীৰ প্ৰতি কঠোৰ দৃষ্টিভংগী প্ৰদৰ্শন কৰি নিজৰ সুনাম অধিক সুদৃঢ় কৰিবলৈ সক্ষম হৈছে। সেয়ে অসমত খালিস্তানী উগ্ৰপন্থী আৱদ্ধ কৰি ৰখাটো নিৰাপদ বুলি বিবেচনাত উঠে।

তাৰ উপৰি খালিস্তানী উগ্ৰপন্থীৰ অসম তথা উত্তৰ–পূবৰ সৈতে দূৰ দূৰলৈ কোনো সম্পৰ্ক নাই। নাই কোনো শুভাকাংক্ষী অথবা সহানুভুতিপ্ৰৱণ লোক। যাৰ আঁত ধৰি খালিস্তানী উগ্ৰপন্থীয়ে পলায়নৰ পৰিকল্পনা ৰচনা কৰিব পাৰে। ৱাৰিছ পঞ্জাৱ ডে'ৰ শীৰ্ষ নেতা অমৃতপাল সিঙক পাক চোৰাংচোৱা সংস্থা ISIৰ এজেণ্ট বুলি তথ্য লাভ কৰিছে কেন্দ্ৰীয় চোৰাংচোৱাই। সেয়ে অমৃতপাল সিঙৰ ধৃত সহযোগীক ডিব্ৰুগড়ৰ দৰে দেশৰ প্ৰত্যন্ত অঞ্চলত ৰাখি ISIৰ তথ্য সংগ্ৰহৰ চেষ্টা চলাব নিৰাপত্তা বাহিনী আৰু চোৰাংচোৱাই। দেশৰ ৰাজধানীৰ পৰা নিলগত হোৱা বাবে এসময়ত যি অসম অথবা উত্তৰ–পূবক দেশৰ নীতি নিৰ্ধাৰণকাৰীসকলে আঁতৰাই ৰাখিছিল। সেই দূৰত্বকে এইবাৰ সুযোগ হিচাপে লৈছে কেন্দ্ৰীয় চৰকাৰে।

শেহতীয়া বাতৰি