নগাঁও চহৰৰ সমীপৱৰ্তী বেলতলিত দেওবাৰে নিশা সংঘটিত এক হত্যাকাণ্ডক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে, বেলতলি অঞ্চলৰ শিক্ষক মজিবুৰ ৰহমান ওৰফে আব্দুল মজিদে দেওবাৰে নিশা নিজৰ ভতিজাকৰ এটা ইটাভাটাৰ পৰা ঘৰলৈ যোৱাৰ পাছত শিক্ষকগৰাকীক কোনো অচিনাক্ত লোকে ঘৰৰ পদূলিৰ পৰা বাহিৰলৈ মাতি আনে। তাৰপিছত দুৰ্বৃত্তই শিক্ষকগৰাকীক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে।
খবৰ অনুসৰি, অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত শিক্ষকজন অচেতন হৈ পৰি ৰয় । কিছুসময়ৰ পাছত স্থানীয় লোক আৰু পৰিয়ালৰ লোকে গম পাই শিক্ষকগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰে আৰু ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে শিক্ষক ৰহমানক মৃত ঘোষণা কৰে।
উল্লেখ্য যে, মজিবুৰ ৰহমানে নগাঁৱৰ ৰৌমাৰীৰ ৭১৪ নং বৰপেটা বালিকা মুক্তাব বিদ্যালয়ত শিক্ষকতা কৰিছিল। তেওঁ ভতিজাকৰ ইটাভাটাৰ ব্যৱসায়ৰ লগত জড়িত থকা বুলি জানিব পৰা গৈছে। আনহাতে, নিৰ্জু স্বভাৱৰ শিক্ষকগৰাকীক কোনে কি উদ্দেশ্যে হত্যা কৰিলে সেই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই। শিক্ষক এগৰাকীক এনেদৰে নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
আনহাতে, হত্যাকাণ্ডটোৰ সন্দৰ্ভত নগাঁও আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও বাতৰি যুগুত কৰালৈকে হত্যাকাণ্ডত জড়িত কোনো লোকক আটক কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই। বিভিন্ন সামাজিক কাম-কাজত জড়িত শিক্ষকগৰাকীক দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰা ঘটনাই অঞ্চলবাসীক শোকস্তব্ধ কৰি তুলিছে। শিক্ষকগৰাকীৰ হত্যাকাণ্ডত জড়িত দুৰ্বৃত্তক অতি শীঘ্ৰে চিনাক্ত কৰি উচিত শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে। উল্লেখ্য যে, দুৰ্বৃত্তই হত্যা কৰা শিক্ষক ৰহমানৰ পত্নীও এখন বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|