আছুৰ প্ৰতি মোহভংগ অগপৰ, কিন্তু কিয় এই মোহভংগ?
News18-Assam Updated:November 22, 2019, 2:09 PM IST

সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰষত জন্ম হোৱা অসম গণ পৰিষদে জন্ম দিলে ছাত্ৰ সংগঠনৰ।আছুৰে সংঘাত স্পষ্ট কৰি ছাত্ৰ সংগঠনৰ কিয় জন্ম দিব লগীয়া হ'ল অগপই?
সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰষত জন্ম হোৱা অসম গণ পৰিষদে জন্ম দিলে ছাত্ৰ সংগঠনৰ।আছুৰে সংঘাত স্পষ্ট কৰি ছাত্ৰ সংগঠনৰ কিয় জন্ম দিব লগীয়া হ'ল অগপই?
- News18 Assam
- Last Updated: November 22, 2019, 2:09 PM IST
শেহতীয়াকৈ তপন গগৈকে আদি কৰি বহু কেইজন আছুৰ শীৰ্ষ নেতাই আছু ত্যাগ কৰি অগপত যোগদানৰ পৰিৱৰ্তে যোগদান কৰিছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত ৷ বৃহস্পতিবাৰে অসম ছাত্ৰ পৰিষদ গঠনৰ সময়ত এই কথা সদৰি কৰিলে দলটোৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ৷ ভাষণত ফণী ভূষণ চৌধুৰীয়ে কয় যে, ‘আছুৰ পৰা শেহতীয়াকৈ আমাক আশাহত কৰি বহু ছাত্ৰ নেতাই যোগদান কৰিছে ৰাষ্ট্ৰীয় দলত ৷ আমি সদায় আশা কৰো আছুৰ পৰা ছাত্ৰ নেতাই আঞ্চলিক দলত যোগদান কৰি দলটোক শক্তিশালী কৰক ৷ কিন্তু তেনে হোৱা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত আমি বাধ্য হ'লো এই ছাত্ৰ সংগঠনৰ জন্ম দিবলৈ ৷’