‘আঞ্চলিকতাবাদী শক্তিক বিভাজন কৰিবলৈকে AGP এ জন্ম দিলে ছাত্ৰ সংগঠন’

News18-Assam
Updated:November 23, 2019, 2:49 PM IST
‘আঞ্চলিকতাবাদী শক্তিক বিভাজন কৰিবলৈকে AGP এ জন্ম দিলে ছাত্ৰ সংগঠন’
CABৰ সন্দৰ্ভত স্পষ্ট স্থিতি গ্ৰহণ কৰা নাই অসম গণ পৰিষদেঃ দেৱব্ৰত শইকীয়া

CABৰ সন্দৰ্ভত স্পষ্ট স্থিতি গ্ৰহণ কৰা নাই অসম গণ পৰিষদেঃ দেৱব্ৰত শইকীয়া

  • Share this:
অসম গণ পৰিষদে ছাত্ৰ সংগঠন জন্ম দিয়াৰ পিছৰ পৰাই অসমৰ ৰাজনীতিত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই শুকুৰবাৰে অগপই ছাত্ৰ সংগঠন জন্ম দিয়াত মুকলিকৈ বিৰোধিতা কৰাৰ পিছত বিষয়টোত এইবাৰ মন্তব্য প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ৰাজ্যৰ আঞ্চলিকতাবাদী শক্তিক বিভাজন কৰিবলৈকে অসম গণ পৰিষদে অসম ছাত্ৰ পৰিষদৰ জন্ম দিলে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰে।  দেৱব্ৰত শইকীয়াই কয় যে, ‘বিজেপিৰ সৈতে ভিতৰুৱাকৈ বুজাবুজি কৰি ৰাজ্যৰ আঞ্চলিকতাবাদী শক্তিক বিভাজন কৰিবলৈকে অগপই জন্ম দিলে ছাত্ৰ সংগঠন।’

সেইদৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ  প্ৰসংগত অসম গণ পৰিষদ দলৰ শেহতীয়া স্থিতি সন্দৰ্ভতো মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে। দেৱব্ৰত শইকীয়াৰ মতে CAB ৰ সন্দৰ্ভত স্পষ্ট স্থিতি গ্ৰহণ কৰা নাই AGPএ।

ইফালে শেহতীয়াকৈ CAB ৰ প্ৰসংগত অগপ দল সৰ্বত্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত এইবাৰ স্পষ্টীকৰণ দিছে অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই। বিধায়ক কলিতাই কয় যে, ‘CAB প্ৰসংগত আমি আগৰ স্থিতিতে আছো। BJPয়ে আমাৰ সৈতে আলোচনা কৰিব বুলি আশাবাদী। আলোচনা নকৰিলে আমি দলীয়ভাৱে সিদ্ধান্ত লম। অসমৰ জাতীয় জীৱন বিৰোধী কাম আমি নকৰো আৰু হ'ব নিদিও।
আৰু চাওক
পৰৱৰ্তী বাতৰি