‘মই বোলে দেহ বিক্ৰী কৰি মাহে ৬০হাজাৰ টকা পাওঁ’...সাংস্কৃতিক সাংবাদিক অমিয় তালুকদাৰক কিয় ৰামপিটন শোধালে অভিনেত্ৰী প্ৰাঞ্জনা দত্তই?

ফাইল ফটোঃ প্ৰাঞ্জনা দত্ত, মীৰাবাই নাটকৰ পষ্টাৰত।
- News18 Assam
- Last Updated: January 18, 2020, 1:36 PM IST
ৰামপিটন শোধাই থাকোতে অভিনেত্ৰীগৰাকীয়ে ফোঁপাই ফোঁপাই অভিযোগ কৰিছে অমিয় তালুকদাৰে তেওঁক দেহোপজীৱিনী আখ্যা দিয়াৰ কথা, কৈছে তেওঁৰ হাতখনো তালুকদাৰেই ভাঙিছে। অভিনেত্ৰীগৰাকীৰ আক্ৰমণাত্মক ভূমিকাৰ সমানে থিয়েটাৰৰ এজনে পাঠ কৰিছে এখন চুক্তিপত্ৰ। ভিডিওত শুনামতে অমিয় তালুকদাৰে যদিহে প্ৰাঞ্জনা দত্তক ভৱিষ্যতে একেদৰে অত্যাচাৰ কৰে তেনেহ’লে তেওঁৰ বিৰুদ্ধে অভিনেত্ৰীগৰাকীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।
কি কাৰণত অভিনেত্ৰীগৰাকীয়ে এনেদৰে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰিলে আৰু দুয়োৰে মাজত সংঘাতৰ উৎপত্তি ক’ত সেই কথা সম্পূৰ্ণৰূপে পৰিষ্কাৰ হোৱা নাই যদিও এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে বিভিন্নজনে। সাংস্কৃতিক মহলৰ অৱশ্যে প্ৰায় সকলোৱে এই ঘটনাক লৈ নীৰৱ।
ভ্ৰাম্যমাণ থিয়েটাৰৰ দীঘলীয়া গৌৰৱোজ্জ্বল ইতিহাসক এনেধৰণৰ ঘটনাই কলুসিত কৰে বুলি আখ্যা দিছে সন্মানীয় উদ্যোগটোৰ সৈতে জৰিত নৱপ্ৰজন্মই। কেনেকৈ যিকোনো মানুহে থিয়েটাৰৰ ভিতৰত দপদপাবলৈ সুযোগ পায় বুলি প্ৰশ্ন কৰিছে নৱপ্ৰজন্মৰ সফল নাট্যকাৰ পল্লৱ পৱন বৰাই? অভিনেত্ৰী এগৰাকীক এবছৰ ধৰি শোষণ কৰাৰ ক্ষেত্ৰতো উদ্বেগ প্ৰকাশ কৰিছে নাট্যকাৰজনে।
