মুখ্যপৃষ্ঠা » খবৰ

» অসম

»উৎপল বৰাৰ ৰিপ’ৰ্ট কাৰ্ড বেয়া! গহপুৰত কোনে পাব বিজেপিৰ টিকট?

উৎপল বৰাৰ ৰিপ’ৰ্ট কাৰ্ড বেয়া! গহপুৰত কোনে পাব বিজেপিৰ টিকট?

News18 Assam | News18-Assam
Updated:August 24, 2020, 8:34 AM IST
উৎপল বৰাৰ ৰিপ’ৰ্ট কাৰ্ড বেয়া! গহপুৰত কোনে পাব বিজেপিৰ টিকট?
বিজেপি দলৰ বৰ্তমানৰ বিধায়ক উৎপল বৰা থকা সত্ত্বেও বিধায়কগৰাকীৰে ঘনিষ্ঠ একাংশই বিচাৰিব টিকট।

বিজেপি দলৰ বৰ্তমানৰ বিধায়ক উৎপল বৰা থকা সত্ত্বেও বিধায়কগৰাকীৰে ঘনিষ্ঠ একাংশই বিচাৰিব টিকট।

  • Share this:
২০২১ৰ বিধান সভা নিৰ্বাচলৈ ৭ মাহ বাকী। গহপুৰতো বিজেপি দলৰ মাজত বলিছে ৰাজনৈতিক গৰম বতাহ। ৰিপ’ৰ্ট কাৰ্ডত বিধায়ক উৎপল বৰাৰ ফলাফল ভাল নহয় বুলি খবৰ ওলোৱাৰ পিছতেই এতিয়া কেইবাজনো নেতা–কৰ্মী সাঁজু হৈছে টিকট বিচাৰিবৰ বাবে। ফিল্ডত নামি পৰিছে সকলো।

বিজেপি দলৰ বৰ্তমানৰ বিধায়ক উৎপল বৰা থকা সত্ত্বেও বিধায়কগৰাকীৰে ঘনিষ্ঠ একাংশই বিচাৰিব টিকট। পিছে কোন এই সকল টিকটৰ দাবীদাৰ?

বিজেপি কৰ্মী সমাজ ৰত্ন গোপাল শইকীয়া, হেলেম(খ)ৰ জিলা পৰিষদৰ সদস্যা ৰেণু ভণ্ডাৰী ভঁৰালী, অসম ৰাজ্যিক বিজেপিৰ আৰ্থিক কোষৰ সহঃ আহ্বায়কৰ দায়িত্বত থকা মুকেশ শৰ্মা, কলংপুৰ মণ্ডলৰ সভাপতি জয়ন্ত গোস্বামী, বিজেপিৰ কাৰ্যকতা ভূপেন বৰা, নাৰায়ণ  দিহিঙীয়াই বিচাৰিব পাৰে টিকট। সময়ত হয়তো আৰু দীঘলীয়া হ'ব তালিকাখন।
Published by: Sanjay Kumar Das
First published: August 24, 2020, 8:34 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি