কোন হ'ব বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী? দিল্লীলৈ প্ৰেৰণ পাঁচজনীয়া প্ৰাৰ্থী

News18 Assam | News18-Assam
Updated:March 8, 2020, 7:39 PM IST
কোন হ'ব বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী? দিল্লীলৈ প্ৰেৰণ পাঁচজনীয়া প্ৰাৰ্থী
পাঁচ জনীয়া পেনেল প্ৰেৰণ দিল্লীলৈ

পাঁচ জনীয়া পেনেল প্ৰেৰণ দিল্লীলৈ

  • Share this:
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী কোন হ'ব তাকে লৈ চলিছে ব্যাপক চৰ্চা ৷ এই চৰ্চাৰ মাজতে দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ এটা মন্তব্যই বহন কৰিছে ব্যাপক তাৎপৰ্য ৷ পাঁচজনীয়া এক পেনেল প্ৰস্তুত কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ৰাজ্যিক নেতৃত্বই ৷

ৰাজেন গোহাঁই


পেনেলত আছে তিনিজনকৈ প্ৰাক্তন সাংসদ ৷ দেওবাৰে বৰপেটাৰোডত চাৰিশ কৃষকক ট্ৰেক্টৰ বিতৰণী অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিজেপি মিত্ৰজোঁটৰ প্ৰথমখন ৰাজ্যসভাৰ আসনৰ বাবে প্ৰক্ষেপিত পাঁচজনীয়া পেনেল ৰাজহুৱা কৰিলে ৰণজিৎ কুমাৰ দাসে ৷ পেনেলত নাম গৈছে ভুৱনেশ্বৰ কলিতা,ৰাজেন গোঁহাই,ৰমেন ডেকা,শংকৰ দাস আৰু সুভাষ দত্তৰ ৷

ভুৱনেশ্বৰ কলিতা


পাঁচজনীয়া পেনেলৰ ভিতৰত তিনিজনেই প্ৰাক্তন সাংসদ ৷ নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই, মঙলদৈৰ প্ৰাক্তন সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা,সদ্য কংগ্ৰেছ ত্যাগী ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ লগতে পেনেলত নাম গৈছে বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ দাস আৰু বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তৰ ৷

সুভাস দত্ত


সুভাষ দত্তক বিচাৰিছে কোছ ৰাজবংশী দল সংগঠনে ৷ বছৰ বছৰ ধৰি কোছ ৰাজবংশী এইক্ষেত্ৰত বঞ্চিত হৈ অহাৰ অভিযোগ উঠাইছে বিভিন্ন দল সংগঠনে ৷ কোছ-ৰাজবংশী দল সংগঠন সমুহে ২০২১ত ফেক্টৰ হিচাপে ঠিয় দিম বুলি দিছে হুংকাৰ ৷ যদিহে সুভাষ দত্তক ৰাজ্যসভালৈ প্ৰতিনিধি হিচাপে নপঠায় হয়তো বিপদত পৰিব পাৰে বিজেপি ৷ যাৰ পৰিপ্ৰেক্ষিতত সুভাষ দত্তক ৰখা হৈছে পেনেলত ৷

ৰমেন ডেকা


‘পাঁচটা নাম আমি প্ৰেৰণ কৰিছো ৷ এক দুই বুলি কোনো নাই ৷ এলফাবেটেকিলীহে নাম দিয়া হৈছে ৷ নাম গৈছে ভুৱনেশ্বৰ কলিতা,ৰাজেন গোঁহাই,ৰমেন ডেকা,শংকৰ দাস,সুভাষ দত্তৰ ৷"দেওবাৰে বৰপেটাৰোডত এইদৰেই ক'লে ৰণজিৎ কুমাৰ দাসে ৷

শংকৰ দাস


ইফালে ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে কংগ্ৰেছ-এআইইউডিএফৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ইতিমধ্যে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে জ্যেষ্ঠ সাংবাদিক অজিৎ কুমাৰ ভূঞাই ৷ ২৬মাৰ্চত হ'ব লগীয়া তিনিখন ৰাজ্যসভাৰ আসনৰ দ্বিতীয়খন লাভ কৰিব বিজেপিৰ মিত্ৰ দল বিপিএফে ৷
Published by: Himangshu Bhuyan
First published: March 8, 2020, 6:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading