মুখ্যপৃষ্ঠা »খবৰ »অসম »কংগ্ৰেছৰ কোন কোন নেতাক এইবাৰ দিয়া হ’ব দলীয় টিকট? উজনিত কেনেদৰে প্ৰস্তুত কৰা হৈছে ৰণকৌশল?

কংগ্ৰেছৰ কোন কোন নেতাক এইবাৰ দিয়া হ’ব দলীয় টিকট? উজনিত কেনেদৰে প্ৰস্তুত কৰা হৈছে ৰণকৌশল?

‘অসমৰ মুখ্যমন্ত্ৰী কোন হয় মই নেজানো। মই বিমোৰত পৰো যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা।’- জিতেন্দ্ৰ সিং

‘অসমৰ মুখ্যমন্ত্ৰী কোন হয় মই নেজানো। মই বিমোৰত পৰো যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা।’- জিতেন্দ্ৰ সিং

  • Share this:
অসমৰ মুখ্যমন্ত্ৰী কোন নাজানে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে! উজনি অসম ভ্ৰমণ কৰি সিঙে উপলব্ধি কৰিছে যে, এইবাৰ নিৰ্বাচনত অসমত ৰাইজে বিজেপিক আঁতৰাবলৈ অধিৰ আগ্ৰহেৰে বাট চাই আছে। সোমবাৰে যোৰহাটত অনুষ্ঠিত কংগ্ৰেছৰ এখন বিশেষ সভাত তত্বাৱধায়কগৰাকীয়ে আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ টিকট প্ৰত্যাশীসকললৈ দিছে বিশেষ বৰ্তা।

অসমৰ তত্বাৱধায়কৰ দায়িত্ব গ্ৰহণ কৰিয়েই প্ৰথমবাৰৰ বাবে অসমলৈ অহা জিতেন্দ্ৰ সিং ডিব্ৰুগড়ৰ পিছত যোৰহাটত সোমবাৰে উপস্থিত হয়। যোৰহাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত উজনিৰ পাঁচখন জিলাৰ মাণ্ডলিক বিষয়ববীয়াসকলৰ সৈতে এখন সভাত অংশ গ্ৰহণ কৰে জিতেন্দ্ৰ সিঙে। এই সভাত উপস্থিত থাকে যোৰহাট , গোলাঘাট , শিৱসাগৰ , চৰাইদেউ আৰু মাজুলী জিলা কংগ্ৰেছ কমিটীৰ মাণ্ডলিক বিষয়ববীয়াসকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাসকল।

জিতেন্দ্ৰ সিঙে কংগ্ৰেছৰ বিষয়ববীয়াসকলক উদ্দেশ্যি কয় যে, ‘এইবাৰ অসমৰ জনসাধাৰণে কংগ্ৰেছক চৰকাৰ গঠনৰ দায়িত্ব দিবলৈ বাট চাই আছে। অসমৰ লোকসকল বহু খঙত থকাৰ লগতে বৰ্তমান অসমত কংগ্ৰেছৰ বাবে পৰিবেশ ভাল হৈ আছে বুলি কয় তত্বাৱধায়কগৰাকীয়ে। জিতেন্দ্ৰ সিঙে আৰু কয় যে, এইবাৰ অসমত বিজেপিৰ ফাঁকি নচলে। তেওঁ বাগিচাৰ শ্ৰমিকৰ ঘৰত নিশা কটোৱাৰ উদ্দেশ্য তেওঁলোকৰ সমস্যাসমূহৰ গভীৰতালৈ গৈ অনুধাৱন কৰা বুলি জানিবলৈ দিয়ে।

" অসমৰ মুখ্যমন্ত্ৰী কোন হয় মই নেজানো। মই বিমোৰত পৰো যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা। বিভিন্ন শ্ৰেণীৰ লোকৰ পৰা মই যি তথ্য লাভ কৰিছো সেয়া হ’ল যে, বিজেপিৰ প্ৰতি মানুহৰ মনত বহুত খং আছে। এইবাৰ ৰাইজে অপেক্ষা কৰি আছে নিৰ্বাচনলৈ।", অসম প্ৰদেশ কঙগ্ৰেছ কমিতিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে এনেদৰে কয় ।

আনহাতে অসমত কংগ্ৰেছৰ টিকট প্ৰত্যাশীসকললৈ বিশেষ বাৰ্তা লৈ আহিছে জিতেন্দ্ৰ সিঙে। টিকট প্ৰত্যাশীসকলক ফিল্ডলৈ যাবলৈ নিৰ্দেশ দিছে সিঙে। দিল্লী , গুৱাহাটীত বহি থকা লোকসকলক টিকট দিয়া নহ’ব বুলি সকলোলৈকে সতৰ্কবাণী দিছে জিতেন্দ্ৰ সিঙে। এতিয়াৰে পৰা তৃণমূল পৰ্যায়ত নেতাসকলে কৰা কামৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই আৰু তাৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্ৰদান কৰিব নিৰ্বাচনৰ টিকট। এইবাৰ নিৰ্বাচনৰ ‘manifesto’ৰ বাবেও বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে কংগ্ৰেছে। কংগ্ৰেছ কৰ্মীসকলে মানুহৰ ঘৰে ঘৰে গৈ সমস্যাসমূহৰ বুজ লোৱাৰ পিছত তাৰ ওপৰত ভিত্তি কৰি এই ‘manifesto’ প্ৰস্তুত কৰা হ’ব ।

যোৰহাটৰ বৈঠকত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া , প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ,  সাংসদ প্ৰদ্যুৎ বৰদলৈ , ভূপেন বৰা সহ কংগ্ৰেছৰ প্ৰায় সকল শীৰ্ষ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই কংগ্ৰেছ কৰ্মীসকলক গ্ৰাম্যাঞ্চলৰ আৰ্থিক ভাৱে পিচপৰা লোকসকলৰ ঘৰে ঘৰে গৈ অৱস্থাৰ বুজ লবলৈ নিৰ্দেশ দিছে। এক অৰ্থত এইবাৰ এনেদৰেই কংগ্ৰেছ দলে প্ৰস্তুত কৰিছে নিৰ্বাচনী ৰণকৌশল ।

শেহতীয়া বাতৰি