কোন হ'ব বঢ়মপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী?
কোন হ'ব বঢ়মপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী?
'বিজেপিৰ মিত্ৰতা অগপৰ সৈতেতে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে নহয়'-বঢ়মপুৰত উপস্থিত হৈ এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে।
সোমবাৰে বঢ়মপুৰৰ মৃত্যুঞ্জয় মন্দিৰ প্ৰথমবাৰৰ বাবে দৰ্শন কৰে ৰজ্যিক বিজেপি সভাপতি ৰণজিৎ দাসে। চামগুৰিৰ এখন ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি এছিয়াৰ সৰ্ববৃহৎ লিংগকাৰ মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰে দাসে।
কোন হ'ব বঢ়মপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী?
এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, 'বঢ়মপুৰত যদি বিজেপি প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দিয়া হয় তেন্তে জিতু গোস্বামী, ৰাজেন গোঁহাই, আঙুৰলতাৰ ভিতৰত কাক প্ৰাৰ্থীত্ব দিয়া হ'ব, সেয়া চাৰ্ভে তালিকাৰ চাৰিটা বাচনিৰ ওপৰত নিৰ্ভৰ কৰি থিৰাং কৰিব।' আনকি কংগ্ৰেছ আৰু ইউ ডি এফৰ মিত্রতাক উজনিত ঘৃণা দৃষ্টিৰে চাইছে বুলিও মন্তব্য কৰে ৰণজিৎ দাসে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|