• Home
  • »
  • News
  • »
  • assam
  • »
  • Hailakandi Municipality: কিং মেকাৰ নিৰ্দলীয়, কিন্তু দুই ভাগত বিভক্ত নিৰ্দলীয় শিবিৰ, কোনে গঠন কৰিব পৌৰসভা?  

Hailakandi Municipality: কিং মেকাৰ নিৰ্দলীয়, কিন্তু দুই ভাগত বিভক্ত নিৰ্দলীয় শিবিৰ, কোনে গঠন কৰিব পৌৰসভা?  

Hailakandi Municipality: পৌৰসভা নিৰ্বাচনৰ ফলাফলত হাইলাকান্দিত ৬জন বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিলে ১০টা ৱাৰ্ড।

Hailakandi Municipality: পৌৰসভা নিৰ্বাচনৰ ফলাফলত হাইলাকান্দিত ৬জন বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিলে ১০টা ৱাৰ্ড।

Hailakandi Municipality: পৌৰসভা নিৰ্বাচনৰ ফলাফলত হাইলাকান্দিত ৬জন বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিলে ১০টা ৱাৰ্ড।

  • Share this:
পৌৰসভা নিৰ্বাচনৰ ফলাফলত হাইলাকান্দিত সংঘটিত হৈছে আজৱ কাণ্ড। দলতকৈ এইবাৰ নিৰ্দলীয় প্ৰাৰ্থীৰ জয়জয়কাৰ। ৬জন বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিলে ১০টা ৱাৰ্ড। এইবাৰ নিৰ্দলীয় কিংমেকাৰত পৰিণত হৈছে হাইলাকান্দিত। এতিয়‍া প্ৰশ্ন হৈছে কোনে গঠন কৰিব হাইলাকান্দি পৌৰসভা? কোন হ'ব পৰবৰ্তী পৌৰপতি? ইয়াকে লৈ আৰম্ভ হৈছে কুচকাৱাজ ।

নিৰ্বাচনী ফলাফলৰ পিছতে সকলো নিৰ্দলীয়ই একেজোঁট হৈ থকাৰ কথা ঘোষণা কৰিলেও এতিয়া ফাট ধৰিছে নিৰ্দলীয় শিবিৰত । এতিয়া দুই ভাগে বিভক্ত হৈছে হাইলাকান্দিৰ নিৰ্দলীয় প্ৰাৰ্থীসকল । বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় ৰূপে জয় লাভ কৰা ৫ গৰাকী পৌৰ সদস্যই এতিয়া বিজেপিত যোগদানৰ বাবে মন মেলিছে । এওঁলোক হল ৫ নম্বৰ ৱাৰ্ডৰ মুন্না দেৱ, ৮নং ৱাৰ্ডৰ উমা চৌধুৰী, ৯নং ৱাৰ্ডৰ ৰাজু চক্ৰৱৰ্তী, ১০নং ৱাৰ্ডৰ ঝৰ্ণা ভৌমিক আৰু ১৬নং ৱাৰ্ডৰ পৌৰ সদস্য সুমিত্ৰা দেৱনাথ। এই ৫ গৰাকী সদস্যই বিজেপিত যোগদান কৰিলে বিজেপিৰ সংখ্যা হ'বগৈ ১১ । অৰ্থাৎ বিজেপিয়ে হাইলাকান্দি পৌৰ সভা গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।

ইপিনে বাকী ৫ গৰাকী নিৰ্দলীয় সদস্যই আকৌ সকলো নিৰ্দলীয়ক একত্ৰ কৰি তেওঁলোকৰ ভিতৰত কোনোবাক পৌৰপতি বাচনি কৰাৰ প্ৰয়াস চলাইছে। আনহাতে আজি কৰিমগঞ্জ সমষ্টিৰ সাংসদ কৃপানাথ মল্লাই আজি হাইলাকান্দিত উপস্থিত হৈ পাঁচগৰাকী নিৰ্দলীয় সদস্যৰ যোগদানৰ পিছতে হাইলাকান্দি পৌৰ সভা বিজেপিয়ে গঠন কৰিব বুলি মন্তব্য কৰে ।

পিছে কোন হ'ব পৰবৰ্তী পৌৰপতি তাকে লৈ বিজেপি শিবিৰত চলিছে গুণাগথা। এই সন্দৰ্ভত সম্মুখত আহিছে দুটা নাম । ১৫ নম্বৰ ৱাৰ্ডৰ পৰা জয়ী হোৱা বিজেপি প্ৰাৰ্থী কল্যাণ গোস্বামী আৰু ৪ নম্বৰ ৱাৰ্ডৰ মানৱ চক্ৰবৰ্তী
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি