পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব বিচিটি নিৰ্বাচনৰ ভোটগণনা।
পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব বিচিটি নিৰ্বাচনৰ ভোটগণনা।
কোন মাৰিব বিটিচি নিৰ্বাচনত শেষ হাঁহি? অক্ষত থাকিবনে হাগ্ৰামা মহিলাৰীৰ দুৰ্গ? সঁচা হ’ব নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী? এইবাৰ বিটিচি নিৰ্বাচনৰ প্ৰচাৰত দেখিবলৈ পোৱা গৈছিল নৃত্যগীত সকলো। নাছিল বিশেষ উন্নয়নৰ কথা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ১২ৰ পৰা ১৬ খন আসন বিজেপিয়ে দখল কৰিব বুলি উল্লেখ কৰিছে। ইফালে হাগ্ৰামা মহিলাৰীও সম্পূৰ্ণ আত্মবিশ্বাসী চৰকাৰ গঠন কৰাক লৈ।
১০টা ষ্ট্ৰংৰুমত এতিয়া বন্দী ২৪১জন প্ৰাৰ্থীৰ ভাগ্য৷ ৭ আৰু ১০ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা BTCৰ নিৰ্বাচনৰ বেলট বক্সসমূহ নিশ্ছিদ্ৰ নিৰাপত্তাৰ মাজত ৰখা হৈছে ষ্ট্ৰংৰুমত৷ কাইলৈ পুৱা ৮ বজাৰ লগে লগে খোলা হ'ব এই ষ্ট্ৰংৰুমসমূহ৷ আৰম্ভ হ'ব বেলট গণনা পৰ্ব৷ কোকৰাঝাৰৰ তিনিটা মহকুমা ক্ৰমে কোকৰাঝাৰ, পৰ্বতঝোৰা আৰু গোসাঁইগাঁৱত চলিব ভোটগণনা৷ চিৰাঙৰ দুটা, বাক্সাৰ তিনিটা আৰু ওদালগুৰিৰ দুটা ভোটগণনা কেন্দ্ৰত চলিব এই ভোটগণনা৷
ভোটগণনাৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ নিৰাপত্তা ব্যৱস্থাও কৰিছে অসম আৰক্ষীয়ে৷ এইক্ষেত্ৰত BTCত বাহৰ পাতি থকা অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজে নিৰাপত্তাৰ দিশটো তদাৰক কৰি আছে৷
কিন্তু কাইলৈ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'বলগীয়া ভোটগণনা কালিয়েই শেষ হোৱাৰ সম্ভাৱনা নাই ৷ কিয়নো বেলটত যিহেতু ভোটগ্ৰহণ হৈছে; সেই হিচাপত বেলট গণনা প্ৰক্ৰিয়া দীঘলীয়া হোৱাটো নিশ্চিত৷ উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭৭.০১% ভোটদান আৰু দ্বিতীয় পৰ্যায়ত ৭৯.৯০% ভোটদান কৰে ভোটাৰ ৰাইজে৷
এতিয়া কথা হ'ল কোনে মাৰিব শেষ হাঁহি? কোনে গঠন কৰিব BTCৰ চৰকাৰ? চৰ্তুথবাৰৰ বাবে গঠন কৰিব পাৰিবনে হাগ্ৰামা মহিলাৰীয়ে BTCত চৰকাৰ? নে প্ৰমোদ বড়োৰ UPPL দলে দখল কৰিব BTCৰ শাসনৰ বাঘজৰী? সেয়া ভোটগণনাৰ অন্ততহে স্পষ্ট হ'ব৷ ভোটদান হৈ যোৱাৰ পিছত কিন্ত BPF মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৩১খন আসন BPFএ পাব বুুুলি দাবী কৰিছে৷ UPPLৰ সভাপতি প্ৰমোদ বড়োয়ে ২৮খন আসন পাব বুলি দাবী কৰিছে৷ একেদৰে NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই BJP–এ ১২ৰ পৰা ১৬খন আসন পাব বুলি দাবী কৰিছে৷ একেদৰে কংগ্ৰেছ আৰু AIUDFয়েও তেওঁলোকৰ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী কৰিছে৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|