অসম জাতীয় পৰিষদৰ সাম্ভাব্য প্ৰাৰ্থী তালিকাত কোন কোন? ৰাইজৰ দলৰ সৈতে কৰিবনে নিৰ্বাচনী বুজাবুজি?

বুধবাৰৰ পৰা আৰম্ভ হৈছে অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন। বৃহস্পতিবাৰে বাচনি কৰা হ’ব নতুন ৰাজনৈতিক দলটোৰ প্ৰথমখন পূৰ্ণাংগ কমিটী।
বুধবাৰৰ পৰা আৰম্ভ হৈছে অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন। বৃহস্পতিবাৰে বাচনি কৰা হ’ব নতুন ৰাজনৈতিক দলটোৰ প্ৰথমখন পূৰ্ণাংগ কমিটী।
- News18 Assam
- Last Updated: December 17, 2020, 3:54 PM IST
আগন্তুক নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰি ৰাজ্যত আঞ্চলিক দলৰ চৰকাৰ গঠন কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ অসম জাতীয় পৰিষদ। চৰ্চাত থকা অনুসৰি, ২০২১ৰ বিধানসভা নিৰ্বাচনত দলটোৰ এইসকল নেতা-কৰ্মীয়ে এই কেইটা সমষ্টিৰ পৰা আগবঢ়াব পাৰে প্ৰাৰ্থীত্বঃ
- নাহৰকটীয়া অথবা দুলীয়াজনৰ পৰা- লুৰিণজ্যোতি গগৈ।
- শদিয়া সমষ্টিৰ পৰা- জগদীশ ভূঞা।
- ধেমাজি সমষ্টিৰ পৰা-চিত্তৰঞ্জন বসুমতাৰী।
- লখিমপুৰ সমষ্টিৰ পৰা- প্ৰাক্তন আছু নেতা কৃষ্ণ দাস।
- বিশ্বনাথৰ পৰা দুলদুল বৰকটকী।
- মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলিৰ পৰা- শিশুধৰ দলে।
- যমুনামুখ সমষ্টিৰ পৰা- জিয়াউৰ ৰহমান।
- বৰক্ষেত্ৰীৰ পৰা- পুলকেশ বৰুৱা।
- টিংখং সমষ্টিৰ পৰা- অনুপ ফুকন।
- তিতাবৰ সমষ্টিৰ পৰা- ভাস্কৰ বৰুৱা।
- আমগুৰি- ৰঞ্জিত গগৈ।
- মাহমৰা-মানিক গগৈ।
- ধৰ্মপুৰ- ড০ শিখৰ শৰ্মা।
- সোণাৰীৰ পৰা- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই।
- পাটাচাৰকুছিৰ পৰা- পবিন্দ্ৰ ডেকা।
ইফালে আনটো আঞ্চলিক দল ৰাইজৰ দলৰ সৈতে অসম জাতীয় পৰিষদে লগ লাগি প্ৰতিটো সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাব বুলি ইতিমধ্যে জনাইছে জগদীশ ভূঞাই। গতিকে তেনেস্থলত শিৱসাগৰ সমষ্টিৰ পৰা যদি অখিল গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে, তেন্তে শিৱসাগৰত দলীয় প্ৰাৰ্থী থিয় নকৰাই অসম জাতীয় পৰিষদে। আনহাতে ৰাইজৰ দলৰ হৈ শৃংখল চলিহায়ো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইদৰে তেজপুৰ সমষ্টিৰ পৰা বৰ্তমানৰ অগপ বিধায়ক বৃন্দাবন গোস্বামীয়ে অসম জাতীয় পৰিষদৰ টিকটত নিৰ্বাচন খেলাৰো সম্ভাৱনা আছে।
আনহাতে খবৰ অনুসৰি অসম গণ পৰিষদৰ বহুকেইজন বৰ্তমানৰ বিধায়ক তথা বিভিন্ন সমষ্টিৰ শক্তিশালী নেতাই প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱাৰ আশংকা দেখি শীঘ্ৰে অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা আছে।