• Home
  • »
  • News
  • »
  • assam
  • »
  • কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি? তালিকাত আছে দেবব্ৰত শইকীয়া, ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ নাম

কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি? তালিকাত আছে দেবব্ৰত শইকীয়া, ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ নাম

বিৰোধী দলপতি হ'ব পাৰে ভৰত চন্দ্ৰ নৰহ অথবা ৰকিবুল হুছেইন!

বিৰোধী দলপতি হ'ব পাৰে ভৰত চন্দ্ৰ নৰহ অথবা ৰকিবুল হুছেইন!

বিৰোধী দলপতি হ'ব পাৰে ভৰত চন্দ্ৰ নৰহ অথবা ৰকিবুল হুছেইন!

  • Share this:
কোন হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি?  নতুন দিল্লীত কংগ্ৰেছ হাইকামাণ্ডে ল'ব চুড়ান্ত সিদ্ধান্ত। দুই এদিনতে ৰাজ্যিক সভাপতি আৰু বিৰোধী দলপতিৰ নাম ঘোষণা কৰাৰ পূৰ্ণ সম্ভৱনা আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দৌৰত আছে নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন বৰা আৰু নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম।

২০২১ চনৰ বিধান সভা নিৰ্বাচনত পৰাজয়ৰ পিছতে ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাই পদত্যাগ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা। কিন্তু হাইকামাণ্ডে পৰৱৰ্তী সভাপতিৰ নাম ঘোষণা নকৰা পৰ্যন্ত ৰিপুণ বৰাকেই সেৱা আগবঢ়াই নিবলৈ দায়িত্ব দিছিল।

বিগত বিধান সভা নিৰ্বাচনত পৰাস্ত হৈ সভাপতি পদৰ পৰা পদত্যাগ কৰা ৰিপুণ বৰাই News18 ক কয় যে, 'মোৰ নেতৃত্বত কংগ্ৰেছে ১৭ খনৰ পৰা ২৯ খন আসন আৰু মহাজোঁট হিচাপে ৫০ খন আসন লাভ কৰিছে। কংগ্ৰেছৰ হাইকামাণ্ডে যিজনকেই সভাপতিৰ দায়িত্ব দিব তেওঁৰ নেতৃত্বতেই সকলোৱে মিলি অসমত কংগ্ৰেছক আগবঢ়াই লৈ যাব।'

ইফালে দেবব্ৰত শইকীয়াৰ নাম সভাপতি হিচাপে ঘোষণা হ'লেই  খালী হৈ পৰিব বিৰোধী দলপতি আসন খন। সেয়েহে বিৰোধী দলপতি পদকলৈও চলিছে চৰ্চা। কেবিনেট মৰ্য্যদা থকা  বিৰোধী দলপতিৰ বাবে উচ্চাৰিত হৈছে ছয়বাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৰত চন্দ্ৰ নৰহ আৰু পাঁচবাৰৰ বিধায়ক তথা কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ নাম।
Published by:Himangshu Bhuyan
First published: