কোন হ’ব অসম সাহিত্য সভাৰ নতুন সভাপতি? ভোটত আগবাঢ়িছে প্ৰাক্তন DGP কুলধৰ শইকীয়া

News18 Assam | News18-Assam
Updated:January 2, 2020, 6:42 PM IST
কোন হ’ব অসম সাহিত্য সভাৰ নতুন সভাপতি? ভোটত আগবাঢ়িছে প্ৰাক্তন DGP কুলধৰ শইকীয়া
অসম সাহিত্য সভাৰ নতুন সমিতিৰ ভোটগণনা পূৰ্ণগতিত চলিছে হোজাইৰ বালিকা মহাবিদ্যালয়ত

অসম সাহিত্য সভাৰ নতুন সমিতিৰ ভোটগণনা পূৰ্ণগতিত চলিছে হোজাইৰ বালিকা মহাবিদ্যালয়ত

  • Share this:
অসম সাহিত্য সভাৰ নতুন সমিতিৰ ভোটগণনা পূৰ্ণগতিত চলিছে হোজাইৰ বালিকা মহাবিদ্যালয়ত। এইবাৰ সাহিত্য সভাৰ পদত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়া, সাহিত্য অকাডেমী বটাপ্ৰাপক সাহিত্যিক ড° জয়শ্ৰী গোস্বামী মহন্ত, বিশিষ্ট সাহিত্যিক প্ৰহ্লাদ চন্দ্ৰ টাছাৰ লগতে ৭গৰাকী বিশিষ্ট ব্যক্তিয়ে প্ৰতিদ্বন্দিতা কৰিছে। উপ সভাপতিৰ পদত ৪জন আৰু প্ৰধান সম্পাদকৰ বাবে ৩গৰাকীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। নিশা ৯বজাৰ ভিতৰত এই ভোটগণনা সম্পূৰ্ণ হৈ উঠাৰ আশা কৰিছে সাহিত্যসভাৰ কৰ্মকৰ্তা সকলে।

ভোটগণনাত এতিয়ালৈকে সভাপতিৰ পদত কুলধৰ শইকীয়াৰ অগ্ৰগতি। মুঠ ৫৯৯টা ভোটৰ ভিতৰত প্ৰাক্তন ডিজিপি কুলধৰ শইকীয়াই ৬০টা ভোট লাভৰে প্ৰথম স্থানত আছে। ৬টা ভোট লাভ কৰি দ্বিতীয় স্থানত প্ৰহ্লাদ চন্দ্ৰ তাছা। ৫টা ভোট লাভ কৰি তৃতীয় স্থানত ড° জয়শ্ৰী গোস্বামী মহন্ত। ২টাকৈ ভোট লাভ কৰিছে সূৰ্য হাজৰিকা আৰু কৰবী ডেকা হাজৰিকাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি