প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন? তৰুণ গগৈ নে প্ৰদ্যুৎ বৰদলৈ

যিকোনো মুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বৰ পৰা অব্যাহতি দিব পাৰে  ৰিপুন বৰাক

News18-Assam
Updated:September 20, 2019, 4:36 PM IST
প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন? তৰুণ গগৈ নে প্ৰদ্যুৎ বৰদলৈ
Source-Google
News18-Assam
Updated: September 20, 2019, 4:36 PM IST
যিকোনো মুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বৰ পৰা অব্যাহতি দিব পাৰে  ৰিপুন বৰাক ৷ বৰাৰ স্থানত দলীয় হাইকমাণ্ডে প্ৰথমাৱস্থাত সাংসদ প্ৰদ্যুত বৰদলৈক দলৰ সভাপতি পদত অধিষ্ঠিত কৰিবলৈ যো-জা চলাইছিল যদিও এতিয়া সলনি হৈছে হাইকমাণ্ডৰ স্থিতি ৷ পিছে কোন হ'ব পৰৱৰ্তী সভাপতি?

এতিয়া কংগ্ৰেছৰ ভিতৰচ’ৰাত এই বিষয়ক লৈ ব্যাপক চৰ্চা ৷ বিগত লোকসভাৰ নিৰ্বাচনত ভাল ফলাফলৰ সলনি চৰমভাৱে ব্যৰ্থ হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক সভাপতি পদৰ পৰা আঁতৰাবলৈ দাবী জনাইছিল দলৰ গৰিষ্ঠসংখ্যাক নেতাই ৷ কিন্তু দলীয় হাইকমাণ্ডৰ পৰা অহা নাছিল সেউজ সংকেত ৷ কিয়নো ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীৰেই নাছিল ভাল অৱস্থা ৷ এতিয়া ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত আছে ছোনীয়া গান্ধী ৷ ছোনীয়া গান্ধী সভাপতি হোৱাৰ পিছত এতিয়া আকৌ চৰ্চালৈ আহিছে  প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি প্ৰসংগ।

এই বিষয়কলৈ দলীয় হাইকমাণ্ডে পাঁচজনীয়া এক পেনেল গঠন কৰিছিল ৷ যি পেনেলৰ এক নম্বৰত আছিল নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত্‍ বৰদলৈৰ নাম ৷ নাম আছিল সাংসদ গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক এইজন ভূপেন বৰাৰো ৷

কিন্তু এতিয়া চৰ্চালৈ আহিছে তৰুণ গগৈৰ নাম। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকে ৰিপুন বৰাৰ পদত স্থলাভিষিক্ত কৰিবলৈ যো-জা চলাইছে দলৰ একাংশ জ্যেষ্ঠ নেতাই ৷ সেয়েহে বৃহস্পতিবাৰে গগৈক পোনপটীয়াকৈ প্ৰশ্নই কৰা হ'ল- আপুনি লব নেকি প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ দায়িত্ব?

তৰুণ গগৈয়ে পুণে পুণে উত্তৰ নিদিলেও দলৰ সভাপতি নিৰ্বাচনত  সক্ৰিয় ভূমিকা ল'বলৈ সাজু বুলি জনাইছে তৰুণ গগৈ ৷   সহজে এৰি দিয়া ভকত নহয় তৰুণ গগৈ ! এঘড়ী যুঁজিবলৈ সাজু গগৈ ৷ অৱশ্যে ২০২১ৰ বিধানসভাৰ নিৰ্বাচনলৈ মাজত দেখদেখকৈ আছে ডেৰটা বছৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি