কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? প্ৰথমবাৰলৈ মুখ খুলিলে সৰ্বানন্দ সোণোৱালে

News18 Assam | News18-Assam
Updated:May 7, 2021, 5:19 PM IST
কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? প্ৰথমবাৰলৈ মুখ খুলিলে সৰ্বানন্দ সোণোৱালে
শুকুৰবাৰে সৰ্বানন্দ সোণোৱালে কয় যে, দিল্লীৰ সংসদীয় বৰ্ডে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব।'

শুকুৰবাৰে সৰ্বানন্দ সোণোৱালে কয় যে, দিল্লীৰ সংসদীয় বৰ্ডে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব।'

  • Share this:
কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?এইলৈ এতিয়া সৰ্বত্ৰ চৰ্চা। একাংশই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বুলি মন্তব্য কৰাৰ বিপৰীতে আন একাংশই আকৌ সৰ্বানন্দ সোণোৱালেই মুখ্যমন্ত্ৰী হ'ব বুলি উল্লেখ কৰিছে। এইবাৰ এই প্ৰসংগত মুখ খুলিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

শুকুৰবাৰে সৰ্বানন্দ সোণোৱালে কয় যে, দিল্লীৰ সংসদীয় বৰ্ডে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব। বৰ্তমান আলোচনা চলি আছে। তাতে সিদ্ধান্ত হ'ব। দুই এদিনতে অসমৰ ৰাইজে জানিব পাৰিব।'

ইফালে বৰ্তমান সময়ত স্বাস্থ্যখণ্ডৰ ওপৰতে সৰ্বাধিক গুৰুত্ব দি থকা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো দিশ সঠিক ভাবে পৰ্যবেক্ষণ কৰি থকা বুলিও উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে। লগতে ৰাইজক কোভিডৰ সকলো নীতি নিৰ্দেশ মানি চলিবলৈও আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: May 7, 2021, 5:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি