দুই এদিনতে ঘোষণা হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ নাম। কেন্দ্ৰীয় নেতৃত্বৰ সৈতে দিল্লীত আলোচনাত মিলিত হৈ শুকুৰবাৰে বিয়লি উভতি আহি প্ৰাক্তন সভাপতি ৰিপুণ বৰাই বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হৈ এই মন্তব্য কৰে।
সভাপতিৰ দৌৰত ৪ জনৰ নাম থকা বুলি উল্লেখ কৰিলে যদিও সেই ৪জন জ্যেষ্ঠ কংগ্ৰেছীৰ নাম প্ৰকাশ কৰাৰ পৰা কৌশলপূৰ্ণ ভাবে আঁতৰি থাকে ৰিপুণ বৰা। বিশেষ সূত্ৰৰ খবৰ অনুসৰি, সভাপতিৰ দৌৰত আছে সাংসদ প্রদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন বিধায়ক ভুপেন কুমাৰ বৰাৰ নাম। আনহাতে পুনৰ সভাপতিৰ দায়িত্ব ল'বলৈ কেন্দ্ৰীয় নেতৃত্বই প্ৰস্তাৱ আগবঢ়াইছিল যদিও এই প্ৰস্তাৱ নাকচ কৰা বুলি জনাই ৰিপুণ বৰাই।