কোন হ'ব NSUIৰ ৰাজ্যিক সভাপতি? ৰাজ্যিক সভাপতিৰ দৌৰত অবিনাশ, কৃষাণু, ৰাহুল, দ্বীপজ্যোতি

News18 Assam | News18-Assam
Updated:October 18, 2020, 1:54 PM IST
কোন হ'ব NSUIৰ ৰাজ্যিক সভাপতি? ৰাজ্যিক সভাপতিৰ দৌৰত অবিনাশ, কৃষাণু, ৰাহুল, দ্বীপজ্যোতি
কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUIৰ সাংগঠনিক নিৰ্বাচনৰ বাবে উজনি-নামনিৰ নেতাৰ মাজত চলিছে তৎপৰতা।

কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUIৰ সাংগঠনিক নিৰ্বাচনৰ বাবে উজনি-নামনিৰ নেতাৰ মাজত চলিছে তৎপৰতা।

  • Share this:
NSUIৰ ৰাজ্যিক সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি সংগঠনটোৰ মাজত চলিছে ব্যাপক তৎপৰতা। ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটোৰ ছাত্ৰ সংগঠনটোৰ নতুন সভাপতিৰ বাবে বৰ্তমান চৰ্চালৈ আহিছে সংগঠনটোৰ বৰ্তমান সাধাৰণ সম্পাদক অবিনাশ গগৈৰ নাম। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত অবিনাশ গগৈ এগৰাকী উচ্চশিক্ষিত যুৱক। বিগত লোকসভা নিৰ্বাচনতো অবিনাশে নগাঁৱত কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। সেয়ে NSUIৰ সভাপতিৰ দৌৰত আগুৱাই আছে অবিনাশ।

ইয়াৰ বিপৰীতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পছন্দ যোৰহাটৰ NSUIৰ নেতা কৃষাণু বৰুৱা। এগৰাকী ভাল তাৰ্কিক হিচাপে পৰিচিত কৃষাণু বৰুৱাৰো ভিত্তি উজনিত যথেষ্ট শক্তিশালী। ঠিক সেইদৰে বিৰোধী দলৰ উপ–দলপতি ৰকিবুল হুছেইনৰ প্ৰাৰ্থী হিচাপে চৰ্চালৈ আহিছে ছাত্ৰ নেতা অভিষেক চেতিয়াৰ নাম। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ প্ৰাৰ্থী হিচাপে চৰ্চিত হৈছে কামৰূপ জিলাৰ দীপজ্যোতি দাসৰ নাম।

এইদৰেই কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUIৰ সাংগঠনিক নিৰ্বাচনৰ বাবে উজনি-নামনিৰ নেতাৰ মাজত চলিছে তৎপৰতা। এতিয়া লক্ষণীয় হ'ব কোনগৰাকী হাইপ্ৰফাইল নেতাৰ পছন্দৰ প্ৰাৰ্থীয়ে NSUI ৰাজ্যিক সভাপতিৰ আসনত অধিষ্ঠিত হ'বলৈ সক্ষম হয়।
Published by: Sanjay Kumar Das
First published: October 18, 2020, 1:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading