কোন হ'ব অসম জাতীয় পৰিষদৰ(AJP) সভাপতি? নাম চৰ্চাত দুগৰাকী বিধায়ক সহ পাঁচজন

অসম গণ পৰিষদৰ বিশ্বাসহীনতাৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আত্মপ্ৰকাশ ঘটিল নতুন আঞ্চলিক শক্তি অসম জাতীয় পৰিষদ।
অসম গণ পৰিষদৰ বিশ্বাসহীনতাৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আত্মপ্ৰকাশ ঘটিল নতুন আঞ্চলিক শক্তি অসম জাতীয় পৰিষদ।
- News18 Assam
- Last Updated: September 18, 2020, 9:31 PM IST
জাতীয় অধিৱেশনৰ জৰিয়তে গঠন হ’বলগীয়া কমিটীৰ মূল ব্যক্তি অৰ্থাৎ সভাপতিৰ আসন অলংকৃত কৰিবলৈ ৫গৰাকী ব্যক্তিৰ নাম চৰ্চাত আছে। চৰ্চা চলা অনুসৰি দক্ষ প্ৰশাসনিক বিষয়া জৈমিনী ভাগৱতী, এগৰাকী সাহিত্যিক, দুটা ৰাজনৈতিক দলৰ দুজন বিধায়ক আৰু আঞ্চলিক শিবিৰৰ এগৰাকী নেতাৰ নাম উচ্চাৰিত হৈ আছে। সেইদৰে সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ নামো সঘনে উচ্চাৰিত হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে সভাপতি নিৰ্বাচিত হ’লেও অসম জাতীয় পৰিষদ সভাপতি সৰ্বচ্চ নহ’ব। এখন সাংবিধানিক কমিটীয়েহে চলাব অসম জাতীয় পৰিষদ।
জাতীয় পৰিষদৰ সংবিধানৰ দ্বাৰা স্বীকৃত হ’বলগীয়া এই কমিটীত কোন কোন থাকিব?জাতীয় পৰিষদৰ বৰ্তমানৰ দায়িত্বত থকা নেতা আৰু বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ সৈতে আলোচনা কৰি অহা ৰাজনৈতিক অভিৱৰ্ত্তনত অসম পৰামৰ্শদাতা কমিটীৰ কেইবাগৰাকী সদস্যক এই কমিটীত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে। অৱসৰপ্ৰাপ্ত অধ্যাপক ড° কৃষ্ণ গোপাল ভট্টাচাৰ্য, ড° বসন্ত ডেকা, ড° নগেন শইকীয়াৰ দৰে বিশিষ্ট ব্যক্তিক ৰখাৰ সম্ভৱনা আছে কমিটীত। অৱশ্য এই সকলোবোৰ বিষয় অহা নবেম্বৰ মাহত হে স্পষ্ট হ’ব?