কোন হ’ব অসমৰ আৰক্ষীৰ নতুন সঞ্চালকপ্ৰধান?

৩১ আগষ্টত অৱসৰ ল’ব আৰক্ষী সঞ্চালকপ্ৰধান কুল শইকীয়াই।

News18-Assam
Updated:August 26, 2019, 12:26 PM IST
কোন হ’ব অসমৰ আৰক্ষীৰ নতুন সঞ্চালকপ্ৰধান?
৩১ আগষ্টত অৱসৰ ল’ব আৰক্ষী সঞ্চালকপ্ৰধান কুল শইকীয়াই।
News18-Assam
Updated: August 26, 2019, 12:26 PM IST
৩১ আগষ্টত অসম আৰক্ষীত যোগদান কৰিব নতুন সঞ্চালকপ্ৰধানে৷ নতুন আৰক্ষী সঞ্চালক প্ৰধান হোৱাৰ পূৰ্ণ সম্ভাৱনা তপন কুমাৰ ডেকাৰ৷ ১৯৮৮ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ডেকা বৰ্তমান কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ SIBৰ অতিৰিক্ত সঞ্চালক হিচাপে কতৰ্ব্যৰত৷ ৯০ দশকৰ পৰাই SIBৰ উত্তৰ-পূব মণ্ডলত কৰ্তব্যৰত ডেকাৰ জন্ম সৰ্থেবাৰীত৷ প্ৰাথমিক শিক্ষা সৰ্থেবাৰীত গ্ৰহণ কৰা ডেকাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিছিল৷

উল্লেখযোগ্য যে ৩১ আগষ্টত অৱসৰ ল’ব আৰক্ষী সঞ্চালকপ্ৰধান কুল শইকীয়াই। শইকীয়াৰ অৱসৰৰ পিছতে তেওঁৰ স্থলাভিষিক্ত হ’ব পাৰে তপন কুমাৰ ডেকাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি