বৰ্তমান চৰ্চা চলিছে যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰে কোনো সদস্যক তিতাবৰৰ টিকট দিয়া হ’ব নেকি!
বৰ্তমান চৰ্চা চলিছে যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰে কোনো সদস্যক তিতাবৰৰ টিকট দিয়া হ’ব নেকি!
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অবৰ্তমানত এইবাৰ বিধানসভা নিৰ্বাচনত তিতাবৰত কোন হ’ব কংগ্ৰেছ দলৰ প্ৰাৰ্থী? বৰ্তমান এই প্ৰশ্নই চৰ্চিত হৈ আছে বিভিন্ন মহলত। তিতাবৰ সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে পাঁচগৰাকী লোকে প্ৰাৰ্থিত্ব বিচাৰিছে। ইয়াৰ ভিতৰত অন্যতম এগৰাকী প্ৰাৰ্থী হ’ল তৰুণ গগৈৰ ভাতৃ দীপ গগৈৰ পত্নী মিতালী গগৈ। সেয়েহে বৰ্তমান চৰ্চা চলিছে যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰে কোনো সদস্যক তিতাবৰৰ টিকট দিয়া হ’ব নেকি!
ইয়াৰ পূৰ্বে তিতাবৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে চৰ্চালৈ আহিছিল সাংসদ গৌৰৱ গগৈৰ পত্নীৰ নাম। কিন্তু শেহতীয়াকৈ গৌৰৱ গগৈৰ খুড়ীয়েকৰ প্ৰসংগ চৰ্চালৈ অহাত এই সন্দৰ্ভত মত ব্যক্ত কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কয় যে তেওঁৰ পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তিতাবৰৰ তৃণমূল পৰ্যায়ৰ কঙগ্ৰেছ কৰ্মীসকলৰ কথাত বহু গুৰুত্ব দিছিল। বৰ্তমান তেখেতৰ অবৰ্তমানত তিতাবৰ সমষ্টিৰ প্ৰাৰ্থীৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব তৃণমূল পৰ্যায়ৰ তথা মণ্ডল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে। ইয়াৰ পিছত সেই সিদ্ধান্তৰ ওপৰত চূড়ান্ত নিৰ্ণয় ল’ব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই।
"এই সিদ্ধান্ত মই অকলে ল’ব নোৱাৰো। মোৰ দেউতাক ভাল পোৱা তিতাবৰৰ কংগ্ৰেছৰ পঞ্চায়ত প্ৰতিনিধিসকল, মণ্ডল কমিটীৰ সদস্যসকলকে ধৰি তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে যি সিদ্ধান্ত ল’ব তাৰ আধাৰতে আমি আগবাঢ়িম আৰু দলৰ নেতৃত্বই ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত ল’ব।", সাংসদ গৌৰৱ গগৈয়ে এনেদৰে কয়।
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ব্যস্ত হৈ পৰিছে সাংসদগৰাকী। বিশেষকৈ কংগ্ৰেছ দলৰ বিশেষ দখল থকা অঞ্চলসমূহত নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। শেহতীয়াকৈ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত যোৰহাটৰ উপকণ্ঠৰ বাহফলা মিচিং গাঁৱৰ এটা পৰিয়ালত নৈশ যাপনো কৰে সাংসদগৰাকীয়ে।
শেহতীয়াকৈ মামা হিচাপে ৰাইজৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক পুনৰ কটাক্ষ কৰে গৌৰৱ গগৈয়ে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিৰ্বাচন নেখেলা প্ৰসংগ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে এয়া হিমন্ত বিশ্ব শৰ্মাৰ মৰম বিচৰাৰ কৌশল। তেওঁ নিজৰ দলত অলপ মৰম কম পাইছে নেকি বুলি মত ব্যক্ত কৰে সাংসদগৰাকীয়ে।
"এইটো হৈছে দৃষ্টি আকৰ্ষণ কৰাৰ কৌশল। আমাৰ ঘৰতো কিছুমান সদস্য থাকে যাৰ মাত শুনিলেই আমি গম পাওঁ যে তেওঁক অলপ মৰম কৰিলেই মনটো ভাল হৈ যাব। সেয়েহে মই বিজেপি নেতৃত্বকো আহ্বান জনাইছো যে আমাৰ মামাক অলপ মৰম কৰক।", সাংসদ গৌৰৱ গগৈয়ে ক’লে এনেদৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|