মুখ্যপৃষ্ঠা »খবৰ »অসম »ক'লা, দাড়িয়া, জেং কৰা মানুহক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নাপাতে হাইকামাণ্ডে। ৰূপজ্যোতি কুৰ্মীৰ বিস্ফোৰক মন্তব্য।

ক'লা, দাড়িয়া, জেং কৰা মানুহক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নাপাতে হাইকামাণ্ডে। ৰূপজ্যোতি কুৰ্মীৰ বিস্ফোৰক মন্তব্য।

বহুকেইজন নেতাৰ নাম চৰ্চা চলি থকাৰ সময়তে সোমবাৰে চাৰিজনকৈ জেষ্ঠ কংগ্ৰেছী বিধায়কে সভাপতি পদক লৈ কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য।

বহুকেইজন নেতাৰ নাম চৰ্চা চলি থকাৰ সময়তে সোমবাৰে চাৰিজনকৈ জেষ্ঠ কংগ্ৰেছী বিধায়কে সভাপতি পদক লৈ কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য।

বহুকেইজন নেতাৰ নাম চৰ্চা চলি থকাৰ সময়তে সোমবাৰে চাৰিজনকৈ জেষ্ঠ কংগ্ৰেছী বিধায়কে সভাপতি পদক লৈ কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য।

  • Share this:
কোন হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি ? বহুকেইজন নেতাৰ নাম চৰ্চা চলি থকাৰ সময়তে সোমবাৰে চাৰিজন জেষ্ঠ কংগ্ৰেছী বিধায়কে সভাপতি পদক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ এজনে কৈয়ে দিলে ক'লা, দাড়িয়া আৰু জেং কৰা মানুহ বুলি তেওঁক হাইকামাণ্ডে সভাপতি নাপাতে হেনো ৷

সদনৰ বাহিৰে ভিতৰে আৰু বিভিন্ন স্থানত সততে বিভিন্ন কাম কৰি আৰু মন্তব্য কৰি সততে বিৰ্তকৰ মাজত থাকে এইজন মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুুৰ্মী ৷ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি পদত তেওঁক নিযুক্তি দিব লাগে বুলি তেওঁ দাবী কৰিছিল ৷ সোমবাৰে বিধায়ক ৰূপজ্যোতিক সভাপতিৰ নিযুক্তিৰ প্ৰসংগত তেওঁ স্বীকাৰ কৰিলে- “মই জেং কৰা মানুহ ৷ জেং কৰিম বুলি ভাবিয়েই হয়তু মোক নিদিয়ে সভাপতি পদটো ৷”

লগতে ৰূপজ্যোতিয়ে ক'লে- “মই ক'লা আৰু দাড়িয়া বুলি সভাপতি নাপাতে ৷ সংখ্যালঘু বুলি ৱাজেদ আলি চৌধুৰীকো নাপাতে ৷ কমলাক্ষক ভাষিক সংখ্যালঘু বুলি নাপাতে সভাপতি ৷”

ৰূপজ্যোতি কুৰ্মীৰ এই বিস্ফোৰক মন্তব্যৰ মাজতে বিৰোধীৰ উপ দলপতি ৰকিবুল হুছেইনক কটাক্ষ কৰিবলৈ নাপাহৰিলে তেওঁ ৷ ৰূপজ্যোতিয়ে সাংবাদিকৰ সন্মুখত ক'লে- “কংগ্ৰেছৰ হৰ্ত্তাকৰ্ত্তা-বিধাতা ৰকিবুল হুছেইন ৷ ৰকিবুল হুছেইনক সভাপতি পাতিলে ২০২৬ত তেওঁ মুখ্যমন্ত্ৰী হ'ব বুলি ভাৱি কাম আৰম্ভ কৰিছে ৷ তেওঁ নহ'লে কংগ্ৰেছ নচলে অসমত ৷”

প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ প্ৰসংগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো সোমবাৰে প্ৰশ্ন কৰাত উত্তৰত শইকীয়াই ক'লে- “সভাপতি পদত মোক হয়তু নিযুক্তি নিদিয়ে ৷ কিয়নো মোক ইতিমধ্যে বিৰোধী দলপতি হিচাপে নিযুক্তি দিছে ৷ চলিত মাহতেই এজন যোগ্য নেতাক হাইকামাণ্ডে নিযুক্তি দিব বুলি আশা কৰিছোঁ ৷”

একেটা প্ৰসংগতে জেষ্ঠ কংগ্ৰেছী নেতা ভৰত নৰহে সকলো সিদ্ধান্ত দলীয় হাইকামাণ্ডে ল'ব আৰু তাক সকলোৱে মানি ল'ব বুলি মন্তব্য কৰে ৷ যদি নৰহৰ ওপৰত সেই দায়িত্ব হাইকামাণ্ডে অৰ্পণ কৰে, তেন্তে তেওঁ কি কৰিব বুলি News18য়ে কৰা এক প্ৰশ্নৰ উত্তৰত নৰহে ক'লে- “হাইকামাণ্ডে যি সিদ্ধান্ত ল'ব, তাক সকলোয়ে মানি ল'ব ৷ মোৰ নাম সভাপতিৰ তালিকাত নাই ৷”

সমান্তৰালভাৱে বৰাকৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰুকায়স্থকেও হাইকামাণ্ডৰ দোহাই দি ক'লে- “সকলো ৰাজ্যতে আৰু সকলো দলতে ল'বী চলে ৷ কিন্ত এইবাৰ কংগ্ৰেছী বিধায়কে ল'বী ৰাজনীতি নকৰে বুলি আমি সিদ্ধান্ত লৈছোঁ ৷ হাইকামাণ্ডে যি ক'ব, তাকে আমি মানি ল'ম ৷”

কংগ্ৰেছৰ এইসকল জেষ্ঠ বিধায়কৰ নতুন সভাপতি সম্পৰ্কত এনেদৰে সোমবাৰৰ দিনটোত মন্তব্য কৰিলেও AICCৰ এক শীৰ্ষ সুত্ৰই সদৰি কৰা মতে সাংসদ প্ৰদ্যুত বৰদলৈকে প্ৰদেশ কংগ্ৰেছৰ গুৰিবঠা ধৰিবলৈ সভাপতি হিচাপে নিযুক্তি দিব ৷

শেহতীয়া বাতৰি