‘MLA নহ’লেও আজি তেওঁ ছুপাৰ MLA’ পিছে কোন এইজন বিজেপিৰ ছুপাৰ MLA?

বৰচলা বিধান সভা সমষ্টিত অসম মালাৰ জৰিয়তে পথ নিৰ্মাণক লৈ সমষ্টিটোৰ বিধায়ক গণেশ লিম্বু আৰু বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ৰ মাজত বৃদ্ধি পাইছে দূৰত্ব।
বৰচলা বিধান সভা সমষ্টিত অসম মালাৰ জৰিয়তে পথ নিৰ্মাণক লৈ সমষ্টিটোৰ বিধায়ক গণেশ লিম্বু আৰু বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ৰ মাজত বৃদ্ধি পাইছে দূৰত্ব।
- News18 Assam
- Last Updated: February 6, 2020, 5:58 PM IST
অসম মালাৰ অধীনত বৰচলা বিধানসভা সমষ্টিত পথ নিৰ্মানক কেন্দ্ৰ কৰি সংঘাত তুংগত বৰচলাৰ বিজেপি বিধায়ক গণেশ লিম্বু আৰু বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ৰ মাজত ৷
দুয়োৰে মাজৰ এই সংঘাত স্পষ্ট হৈছে ছচিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত ৷ বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ লিখা এখন পত্ৰ সংযোগ কৰি অসম মালাৰ অধীনত বৰচলা সমষ্টিৰ বহু কেইটা পথ নিৰ্মাণত মন্ত্ৰীৰ অনুমোদন হোৱা বুলি ফেচবুকত দিয়া এই আপডেটতে কিশোৰ উপাধ্যায়ক ছুপাৰ MLA বুলি কটাক্ষ কৰিছে গণেশ লিম্বুক ৷

গণেশ লিম্বুৰ মন্তব্য আছিল — "বৰচলা সমষ্টিত অসম মালাৰ জৰিয়তে উক্ত ৰাস্তাৰ কাম বহুত আগতেই বিত্ত মন্ত্ৰী মহোদয়ে অনুমোদন জনাইছে ৷ তেজপুৰৰ বিধায়ক আৰু মই মিলি দলগাঁৱৰ পৰা বৰচলা সংযোগী কৰিবলৈ ব্যৱস্থা লৈছো ৷ পিছে উপাধ্যায় ডাঙৰীয়াই নিজকে ছুপাৰ MLA ভাব দিয়াতো লাজৰ কথা ৷ আৰু যি সকল পতিয়ন গ'ল তেওঁলোকক কি ক'বা ৷"

গণেশ লিম্বু আৰু কিশোৰ উপাধ্যায়
বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায় আৰু বৰচলাৰ বিধায়ক গণেশ লিম্বুৰ মাজৰ ফেচবুকৰ এই যুঁজক লৈ ব্যাপক চৰ্চা সমষ্টিটোত ৷ ইফালে কামৰ দক্ষতাৰ পৰীক্ষাত সম্পূৰ্ণ বিফল হোৱা বিধায়ক গণেশ লিম্বুৰ ২০২১ত টিকট কৰ্তন হ'ব বুলি চলা চৰ্চাৰ মাজতে বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ে বৰচলা সমষ্টিত টিকট লাভ কৰিব বুলি ওলোৱা খবৰক লৈয়ে হয়তো গণেশ লিম্বুৱে হতাশাত এনে মন্তব্য কৰা বুলি দাবী একাংশৰ ৷