
গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অনুষ্ঠিত হোৱা সাহিত্য সভাৰ সভাপতি নিৰ্বাচনত সভ্যসকলক এই মন্তব্যই প্ৰৰোচিত কৰিব পাৰে বুলি ধাৰণা কৰিছে একাংশ সাহিত্য প্ৰেমী লোকে।
গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অনুষ্ঠিত হোৱা সাহিত্য সভাৰ সভাপতি নিৰ্বাচনত সভ্যসকলক এই মন্তব্যই প্ৰৰোচিত কৰিব পাৰে বুলি ধাৰণা কৰিছে একাংশ সাহিত্য প্ৰেমী লোকে।
অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াৰ এটা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰি কৰিছে ৰাজ্যৰ সাহিত্যানুৰাগীসকলৰ মাজত।অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে প্ৰখ্যাত সাহিত্যিক য়েছে দৰজে ঠংচিৰ নাম উচ্চাৰিত হোৱাৰ সময়তে আন এগৰাকী বিশিষ্ট সাহিত্যিক ড০ নাহেন্দ্ৰ পাদুনক সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ বাবে মুকলিকৈ মন্তব্য কৰিছে প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা ড০ নগেন শইকীয়াৰ এই বক্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চিৰদিন অসমীয়া ভাষা–সাহিত্যৰ চৰ্চাৰে জাতীয় সাহিত্যৰ ভঁৰাল চহকী কৰা য়েছে দৰজে ঠংচিৰ বিপৰীতে মুকলিকৈ ড০ নাহেন্দ্ৰ পাদুনক সমৰ্থন কৰি কোৱা শইকীয়াৰ এই বক্তব্য নিতান্তই ব্যক্তিগত যদিও এনে এগৰাকী প্ৰখ্যাত সাহিত্যিকৰ মন্তব্যই সাহিত্য জগতখনৰ লগত জড়িত লোকসকলৰ মাজত কিছু প্ৰশ্ন উত্থাপন কৰিছে।
গণতান্ত্ৰিক নিৰ্বাচন প্ৰক্ৰিয়াৰে অনুষ্ঠিত হোৱা সাহিত্য সভাৰ নিৰ্বাচনত সভাৰ সভ্যসকলক এই মন্তব্যই প্ৰৰোচিত কৰিব পাৰে বুলি ধাৰণা কৰিছে একাংশ সাহিত্য প্ৰেমী লোকে। কিয়নো বহুদিন ধৰি সভাৰ পৰা আঁতৰত অৱস্থান গ্ৰহণ কৰা ড০ নগেন শইকীয়াৰ হঠাৎ এই সক্ৰিয়তাক লৈ প্ৰশ্ন উঠিছে। প্ৰশ্ন উঠিছে য়েছে দৰজে ঠংচি অসমৰ নহয় বাবেই তেওঁক সমৰ্থন কৰাত পিছ হুঁহকিছে নেকি একাংশ লোকে। কাৰণ এই বিষয়টোক লৈয়ে যথেষ্ট চৰ্চা চলি থকাৰ মাজতে ড০ নগেন শইকীয়াৰ নাহেন্দ্ৰ পাদুনক কৰা মুকলি সমৰ্থনে সাহিত্য সভাত যে নবীন–প্ৰবীণৰ মাজত দুটা গোট আছে সেয়া দেখ দেখকৈ ওলাই পৰিছে। Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|