খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি নামৰ নতুন বিভাগটোৰ প্ৰসংগত সোমবাৰে অসম বিধানসভাৰ মজিয়াত বিৰোধী কংগ্ৰেছে ভূমিপুত্ৰ কোন বুলি প্ৰশ্ন কৰে ৷ কিন্তু ইয়াৰ যথোচিত উত্তৰো সদনৰ মজিয়াত দিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷
“আমাৰ চৰকাৰে ভূমিপুত্ৰৰ হৈ কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ৷ সেয়ে নতুন বিভাগ খোলা হৈছে ৷”- পীয়ুষ হাজৰিকা ৷
খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি নামৰ নতুন বিভাগটোৰ জৰিয়তে চৰকাৰে ভূমিপুত্ৰসকলৰ কৃষ্টি-সংস্কৃতি সংৰক্ষণ কৰিব বুলি এনেদৰে সদনত স্পষ্ট কৰি দিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ UPPLৰ বিধায়ক লৰেন্স ইছলাৰীৰ প্ৰশ্নৰ উত্তৰত এনেদৰে মন্ত্ৰী পীয়ুষে কোৱাৰ পিছতে সদনত ভূমিপুত্ৰ কোন বুলি পৰিপূৰক প্ৰশ্ন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷
বিৰোধী দলপতিৰ উত্তৰত মন্ত্ৰী পীয়ুষ হাজৰিকাই ভূমিপুত্ৰ কোন বুলি প্ৰশ্ন কৰি ভূমিপুত্ৰসকলক অপমান নকৰিব বুলি আহ্বান কৰে ৷ কিন্তু বহি নাথাকিল বৰাকৰ বিধায়ক কমলাক্ষ দে পুৰুকায়স্থ ৷ ভূমিপুত্ৰ কোন তাক স্পষ্ট কৰিবলৈ দাবী জনাই কমলাক্ষই ৷
কমলাক্ষৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই ভালকৈ এজাউৰি দিলে বৰাকৰ বিধায়কজনক ৷ পীয়ুষ হাজৰিকাই ক'লে- “ভূমিপুত্ৰ কোন কোন বুলি ভূমিপুত্ৰ বড়ো, কাৰ্বি, ৰাভা, মিছিং আদিক সদায় কিয় অপমান কৰে? আপোনালোকে সদায় অসমীয়াৰ বিৰুদ্ধে কথা কয় ৷ অসমীয়াৰ বিৰুদ্ধে, ভূমিপুত্ৰৰ বিৰুদ্ধে কথা কোৱা আৰু অপমান কৰাটো নচলিব৷ সেই মানসিকতা এৰক আপোনালোকে ৷”
বিৰোধী কংগ্ৰেছে ভূমিপুত্ৰকলৈ প্ৰশ্ন কৰাত সততে সদনত মৌনহৈ থকা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী উত্তেজিত হৈ উঠে ৷ ৰমাকান্তই ক'লে- “কিয় লাগে ভূমিপুত্ৰৰ সংজ্ঞা? সদনত ভূমিপুত্ৰ কোন বুলি আমাক কিয় অপমান কৰিব?”
অৱশ্যে শেষত অধ্যক্ষৰ হস্তক্ষেপত বিষয়টোক লৈ সৃষ্টি হোৱা উত্তেজনা সাম কাটে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|