SI পৰীক্ষা কেলেংকাৰীঃ গ্ৰেপ্তাৰ হোৱা জয়দেৱ বৰুৱা প্ৰকৃততে কোন?

News18 Assam | News18-Assam
Updated:September 26, 2020, 4:55 PM IST
SI পৰীক্ষা কেলেংকাৰীঃ গ্ৰেপ্তাৰ হোৱা জয়দেৱ বৰুৱা প্ৰকৃততে কোন?
ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ SI পদৰ নিযুক্তি কেলেংকাৰীৰ আন এজন অভিযুক্ত জয়দেৱ বৰুৱাক শনিবাৰে গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে।

ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ SI পদৰ নিযুক্তি কেলেংকাৰীৰ আন এজন অভিযুক্ত জয়দেৱ বৰুৱাক শনিবাৰে গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে।

  • News18 Assam
  • Last Updated: September 26, 2020, 4:55 PM IST
  • Share this:
ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ SI পদৰ নিযুক্তি কেলেংকাৰীৰ আন এজন অভিযুক্ত জয়দেৱ বৰুৱাক শনিবাৰে গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে। পলাতক হৈ থকা জয়দেৱ বৰুৱাই আজি পুৱতি নিশা তিনিচুকীয়াৰ বৰদলৈ নগৰৰ আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকাৰ অৱস্থাত তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আটকনাধীন জয়দেৱ বৰুৱাৰ ঘৰ গুৱাহাটীৰ চানমাৰিত বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, জয়দীপ বৰুৱাই ২০১২ চনৰ পৰা পি কে দত্তৰ মালিকাধীন গুৱাহাটীৰ ভাৰ্গৱ হোটেলৰ একাউণ্ট মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছিল।

আৰক্ষীয়ে জয়দেৱক তিনিচুকীয়াৰ CID Branchক চমজাই দিয়াৰ পিছত ইতিমধ্যে গুৱাহাটীলৈ লৈ অনা হৈছে। গুৱাহাটী আহি পোৱাৰ পিছতে জয়দেৱক কেলেংকাৰীৰ সন্দৰ্ভত জেৰা কৰা হ’ব। আৰু জেৰাত বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।
Published by: Himangshu Bhuyan
First published: September 26, 2020, 4:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading