মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কেতিয়াবা IPS, কেতিয়াবা RAWৰ এজেণ্ট! ব্ৰহ্মঠগ মৃদুপৱনে কেনেকৈ পাইছিল নামী–দামী মানুহৰ এপইণ্টমেণ্ট? চৰ্চাত এগৰাকী 'চেলিব্ৰেটি জ্যোতিষী’ আটলাণ্টা কাশ্যপ!

কেতিয়াবা IPS, কেতিয়াবা RAWৰ এজেণ্ট! ব্ৰহ্মঠগ মৃদুপৱনে কেনেকৈ পাইছিল নামী–দামী মানুহৰ এপইণ্টমেণ্ট? চৰ্চাত এগৰাকী 'চেলিব্ৰেটি জ্যোতিষী’ আটলাণ্টা কাশ্যপ!

News18 Assam | News18-Assam
Updated:September 27, 2021, 3:58 PM IST
কেতিয়াবা IPS, কেতিয়াবা RAWৰ এজেণ্ট! ব্ৰহ্মঠগ মৃদুপৱনে কেনেকৈ পাইছিল নামী–দামী মানুহৰ এপইণ্টমেণ্ট? চৰ্চাত এগৰাকী 'চেলিব্ৰেটি জ্যোতিষী’ আটলাণ্টা কাশ্যপ!
নিজকে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ উচ্চপদস্থ বিষয়া বুলি পৰিচয় দিয়া মৃদুপৱন নেওগে এসময়ত আনকি আৰক্ষীৰ এছ পি পৰ্যায়ৰ বিষয়াকো ফাঁকি দি বিভিন্ন সুবিধা বিচাৰিছিল।

নিজকে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ উচ্চপদস্থ বিষয়া বুলি পৰিচয় দিয়া মৃদুপৱন নেওগে এসময়ত আনকি আৰক্ষীৰ এছ পি পৰ্যায়ৰ বিষয়াকো ফাঁকি দি বিভিন্ন সুবিধা বিচাৰিছিল।

  • News18 Assam
  • Last Updated: September 27, 2021, 3:58 PM IST
  • Share this:
এদিন যদি ৰ'ৰ এজেণ্ট, এদিন উচ্চ পদস্থ প্ৰশাসনিক বিষয়া! ডিঙি আৰু হাতৰ কথা বাদেই দিলো, ভৰিতো সোণ পিন্ধা মৃদুপৱনৰ মুখা এতিয়া খোল খাই গৈ আছে। ওলাই পৰিছে প্ৰৱঞ্চক মৃদুপৱনৰ কু-কীৰ্তি।

হাইপ্ৰফাইল প্ৰৱঞ্চক মৃদুপৱন নেওগৰ দেহৰক্ষী ৰাজেশ দীক্ষিত আৰু গাড়ীচালক বিছান বড়োক মাৰাথন জেৰা অব্যাহত ৰাখিছে নগাঁও সদৰ আৰক্ষীয়ে। নিজকে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ উচ্চপদস্থ বিষয়া বুলি পৰিচয় দিয়া মৃদুপৱন নেওগে এসময়ত আনকি আৰক্ষীৰ এছ পি পৰ্যায়ৰ বিষয়াকো ফাঁকি দি বিভিন্ন সুবিধা বিচাৰিছিল।

চিনেমাৰ কায়দাত বিভিন্ন লোকক প্ৰৱঞ্চনা কৰা মৃদুপৱন নেওগে আজিৰ পৰা ৪ বছৰ আগতে অসমৰ এটা ছেটেলাইট চেনেল ক্ৰয় কৰাও চেষ্টা কৰিছিল। মৃদুপৱন কয়লাৰ ছিণ্ডিকেটৰ লগতো জড়িত থকাৰ অভিযোগ উঠিছিল। ২০০৯ চনতে ড্ৰাগছৰ গোচৰত অভিযুক্ত হোৱা মৃদুপৱন নেওগে অসমৰ পৰা মুম্বাইলৈ পলায়ন কৰিছিল।

মৃদুপৱন আৰক্ষীৰ জালত পৰাৰ পিছতে এতিয়া চৰ্চালৈ আহিছে আটলাণ্টা কাশ্যপ নামৰ এগৰাকী মহিলা। আটলাণ্টা কাশ্যপ সম্বন্ধত মৃদুপৱনৰ ভগ্নী। বৰ্তমান মুম্বাইৰ এগৰাকী প্ৰতিষ্ঠিত জ্যোতিষী। একাংশ আগশাৰীৰ সংবাদ মাধ্যমত বিস্তৃত ভাৱে প্ৰকাশিত প্ৰতিবেদন অনুসৰি, আটলাণ্টা ওৰফে মৃণালিনী নেওগৰ এই জ্যোতিষ চৰ্চাৰ আঁৰতো আছে এক ক'লা অধ্যায়।

আৰু এইগৰাকী আটলাণ্টা কাশ্যপৰ জৰিয়তেই মৃদুপৱনৰ চিনাকী হৈছিল কেন্দ্ৰীয় মন্ত্ৰী, শীৰ্ষস্থানীয় ৰাজনৈতিক নেতাৰ সৈতে। আৰু মন্ত্ৰীৰ সৈতে ঘনিষ্ঠতা থকা বুলি কৈ মৃদুপৱনে পৱঞ্চনা কৰি আছিল বহুলোকক।

বোকাজানৰ প্ৰবঞ্চক, নিজকে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ পৰামৰ্শদাতা বুলি দাবী কৰি অহা মৃদুপৱন মেট্ৰিক ফেইল। ঠগ, প্ৰবঞ্চনা কৰি গঢ়িছিল সম্পত্তিৰ পাহাৰ। চাকৰি দিয়াৰ নামতো বহুতৰ পৰা সংগ্ৰহ কৰিছিল ধন।

২০১৬ চনত মৃদুপৱনে অসমৰ এটা ছেটেলাইট চেনেল ক্ৰয় কৰিবলৈ চুক্তিবদ্ধ হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁ চেনেলটোৰ মালিকীস্বত্ব লোৱাৰ পৰা বিৰত থাকে। কিন্তু ভাৰত চৰকাৰৰ গৃহ বিভাগৰ নাম লৈ মৃদুপৱনে বহু আৰক্ষী বিষয়াৰ সৈতে সম্পৰ্ক গঢ়ি তুলিলে। কোটি কোটি টকা প্ৰৱঞ্চনাৰে বিলাসী জীৱন-যাপন কৰা মৃদুপৱন নেওগে অৱশেষত নগাঁৱৰ এটি পুৰণি গাড়ী বিক্ৰী প্ৰতিষ্ঠানৰ পৰা ফৰচুনাৰ গাড়ী বিক্ৰীৰ নামত ৩০ লক্ষাধিক টকা আত্মসাৎ কৰাৰ পিছতে তেওঁৰ কু-কীৰ্তি সকলোৰে সন্মুখলৈ আহিছে। বৰ্তমান মৃদুপৱনক বিচাৰি নগাঁও আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।

ইতিমধ্যে, মহানগৰ আৰক্ষীয়েও নিজাববীয়াকৈ মৃদুপৱনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। পানবজাৰত মহিলা থানাত মৃদুপৱনৰ বিৰুদ্ধে ২২৫/২১নম্বৰ আৰু ৪১৯/৬৬ আই টি ধাৰাত ৰুজু কৰা হৈছে গোচৰ।
Published by: Himangshu Bhuyan
First published: September 27, 2021, 3:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি