• Home
  • »
  • News
  • »
  • assam
  • »
  • JMB Member Case: ভয়ংকৰ ষড়যন্ত্ৰ, আৰক্ষী আৰু সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰি JMBৰ সদস্য সজাইছিল ইনামূল হকক, কোন এই চক্ৰান্তকাৰী

JMB Member Case: ভয়ংকৰ ষড়যন্ত্ৰ, আৰক্ষী আৰু সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰি JMBৰ সদস্য সজাইছিল ইনামূল হকক, কোন এই চক্ৰান্তকাৰী

 জেহাদীৰ ভুৱা পেড বনাই আৰক্ষীকো বিপথে পৰিচালিত কৰাৰ চেষ্টা

জেহাদীৰ ভুৱা পেড বনাই আৰক্ষীকো বিপথে পৰিচালিত কৰাৰ চেষ্টা

জেহাদীৰ ভুৱা পেড বনাই আৰক্ষীকো বিপথে পৰিচালিত কৰাৰ চেষ্টা

  • Share this:
শুকুৰবাৰে বিয়লি অহা এটা খবৰে হুৱা-দুৱা লগাইছিল অসম আৰক্ষীৰ শীৰ্ষ মহলত। মহানগৰীৰ হৃদপিণ্ড স্বৰূপ গণেশগুৰিৰ দিছপুৰ গেষ্ট হাউছৰ পৰা জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত আটক কৰা হৈছিল ইনামূল হক নামৰ গেষ্ট হাউছটোৰ মেনেজাৰক ৷

উদ্ধাৰ হৈছিল JMB স্বাক্ষৰিত প্ৰপত্ৰ আৰু পেডৰ পাত ৷ লগে লগে ইনামূলক আটক কৰি আৰক্ষীৰ পূব সংমণ্ডলৰ কাৰ্যালয়ত আনি নিশা জেৰা চলাইছিল মহানগৰ যুটীয়া আৰক্ষী আয়ুক্তসহ শীৰ্ষ আৰক্ষী বিষয়াই৷ পিছে আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনাই ল'লে নতুন মোৰ৷

নিশাই স-সন্মানেৰে ঘূৰাই পঠোৱা হ'ল ইনামূলক ৷ প্ৰতিশোধ পূৰণৰ বাবেহে পৰিকল্পিতভাৱে ইনামূলক  ফঁচাবলৈ চেষ্টা কৰিছিল কোনোৱে৷ জেহাদীৰ ভুৱা পেড বনাই আৰক্ষীকো বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলি অকপট স্বীকাৰোক্তি প্ৰদান কৰে DCP সুধাকৰ সিঙে।

গেষ্ট হাউছটোৰ পূৰ্বৰ মেনেজাৰৰ সৈতে হোৱা সংঘাতৰ বাবেই ইনামূলক এনেদৰে ফঁচাবলৈ চেষ্টা কৰাৰ সন্দেহ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে দিছপুৰ গেষ্ট হাউছটোৰ পূৰ্বৰ মেনেজাৰৰ অনুসন্ধানত নামি পৰিছে ৷ প্ৰয়োজনত আৰক্ষী তথা সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰি ইনামূলৰ সন্মান লাঘৱ কৰাৰ চেষ্টা চলোৱা মেনেজাৰজনৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ তৰিবলৈও সাজু হৈ উঠিছে আৰক্ষী ৷
Published by:Gautam Barman
First published: