মুখ্যপৃষ্ঠা »খবৰ »অসম »ছফিকুলৰ নেতৃত্বত ফাঁচী ৰোডত চলিছে ড্ৰাগছৰ সাম্ৰাজ্য! আৰক্ষীৰ নামত ড্ৰাগছ ব্যৱসায়ীৰ পৰা কোনে সংগ্ৰহ কৰে ধন?

ছফিকুলৰ নেতৃত্বত ফাঁচী ৰোডত চলিছে ড্ৰাগছৰ সাম্ৰাজ্য! আৰক্ষীৰ নামত ড্ৰাগছ ব্যৱসায়ীৰ পৰা কোনে সংগ্ৰহ কৰে ধন?

শেহতীয়াকৈ ফাঁচী ৰোডৰ ৰে’লআলিত ড্ৰাগছ সেৱন কৰি থকা দৃশ্যাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছতে সোমবাৰে ফাঁচীৰোডত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়।

শেহতীয়াকৈ ফাঁচী ৰোডৰ ৰে’লআলিত ড্ৰাগছ সেৱন কৰি থকা দৃশ্যাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছতে সোমবাৰে ফাঁচীৰোডত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়।

শেহতীয়াকৈ ফাঁচী ৰোডৰ ৰে’লআলিত ড্ৰাগছ সেৱন কৰি থকা দৃশ্যাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছতে সোমবাৰে ফাঁচীৰোডত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়।

  • Share this:
বিগত সময়ছোৱাত নগাঁও চহৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত চলা ড্ৰাগছৰ অবাধ বেহাৰ ফলতে বহু পৰিয়াল সৰ্বস্বান্ত হৈছিল। ড্ৰাগছৰ বাবেই বহু যুৱকে ঘৰৰ সা-সম্পত্তি বিক্ৰী কৰি পৰিয়ালক সৰ্বস্বান্ত কৰাৰ বহু ঘটনাই সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ড্ৰাগছ আসক্ত হৈ মৃত্যুক সাবটি লৈছিল বহু যুৱকে। নগাঁও চহৰৰ মৰিকলঙৰ এটা পৰিয়ালৰে তিনিজনকৈ যুৱকে ড্ৰাগছৰ বাবেই মৃত্যুক সাবটি লোৱা ঘটনাই সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিছিল। আনকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ বঢ়মপুৰত ড্ৰাগছ দাহন কৰিবলৈ অহা কাৰ্যসূচীতো ড্ৰাগছৰ বাবে সৰ্বস্বান্ত হোৱা বহু পৰিয়ালে ড্ৰাগছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা স্থিতিক প্ৰশংসা কৰি নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ আহ্বান জনাইছিল।

মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশত সমগ্ৰ অসমৰ লগতে নগাঁৱতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে বহু অভিযান চলাইছিল। আৰক্ষীৰ কঠোৰ স্থিতিৰ বাবেই ২০২১চনৰ শেষৰ ফালে নগাঁও চহৰ ড্ৰাগছমুক্ত হোৱাৰ দিশে আগবাঢ়িছিল। ইফুকে ধৰি বহু কুখ্যাত ড্ৰাগছ মাফিয়া আৰক্ষীৰ গুলীত ধৰাশায়ী হৈ ৰঙাঘৰৰ আলহী হৈছিল। পিছে ২০২২ চনৰ মে মাহৰ আৰম্ভণিৰে পৰা পুনৰ নগাঁৱত ড্ৰাগছৰ প্ৰচলন আৰম্ভ হ'বলৈ ধৰিলে। আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ বাবে ড্ৰাগছমুক্ত হোৱা ফাঁচী ৰোডত পুনৰ মুকলিকৈ ড্ৰাগছৰ সেৱন আৰু ড্ৰাগছৰ বেহা আৰম্ভ হ'বলৈ ল'লে।

শেহতীয়াকৈ ফাঁচী ৰোডৰ ৰে’লআলিত ড্ৰাগছ সেৱন কৰি থকা দৃশ্যাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছতে সোমবাৰে ফাঁচীৰোডত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ অভিযানকাৰী দল দেখি ফাঁচীৰোডত ড্ৰাগছ সেৱন কৰি থকা বহু লোকে পলায়ন কৰে। পিছে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ অসমতে আৰক্ষীয়ে কঠোৰ অভিযান চলোৱাৰ পিছতো কাৰ আশীৰ্বাদত নগাঁৱত মুকলিকৈ ড্ৰাগছৰ বেহা চলিছে তাক লৈ প্ৰশ্ন উঠিছে।

একাংশ ৰাইজৰ মতে, মিণ্টু আৰু লস্কৰ নামৰ দুগৰাকী ব্যক্তিয়ে ফাঁচী ৰোডৰ অবৈধ ড্ৰাগছ ব্যৱসায়ীৰ পৰা আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰে। উল্লেখযোগ্য যে, এই মিণ্টু বৰবজাৰ এলেকাত আৰক্ষীৰ দালাল হিচাপে পৰিচিত। ইফালে লস্কৰ উপাধিৰ ব্যক্তিগৰাকী আৰক্ষীতে কৰ্মৰত বুলি স্থানীয় একাংশ ৰাইজে দাবী কৰিছে। দুয়োগৰাকীয়ে ফাঁচীৰোডৰ ছফিকুলৰ পৰা ড্ৰাগছৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। ৰাইজৰ অভিযোগ, ছফিকুল আৰু তেঁওৰ পত্নীয়ে ফাঁচীৰোডত মুকলিকৈ ড্ৰাগছৰ বেহা চলায় আছে। ফাঁচী ৰোডত চলি থকা ড্ৰাগছৰ এই বেহাৰ বাবেই নগাঁৱৰ বৈদ্যটোপ, মধুপুৰ, মিলনপুৰ, চীনাপট্টি, আজাদনগৰ, ফৌজদাৰীপট্টি আদি অঞ্চলৰ বহু লোক সৰ্বস্বান্ত হৈছে। সেয়ে স্থানীয় ৰাইজে এইক্ষেত্ৰত চৰকাৰক উচিত পদক্ষেপ লোৱাৰ বাবে আহ্বান জনাইছে।

শেহতীয়া বাতৰি