নিৰ্বাচন হৈ গ'ল, ভোট গণনাও হ'ল ৷ ৬০টা ৱাৰ্ডৰ ৫৮টা ৱাৰ্ডতে বিজয় ধ্বজা উৰুৱালে বিজেপি মিত্ৰজোঁটে ৷ এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ল কোন হ'ব GMCৰ মেয়ৰ ৷ চৰ্চাত বহুকেইজনৰ নাম ৷ ১৯৬৯ চনৰ পৌৰ নিগম আইনৰ অধীনত ১৯৭১ চনত প্ৰতিষ্ঠা হোৱা গুৱাহাটী পৌৰ নিগমৰ পৌৰপতিৰ আসন শুৱনি কৰি থৈ গৈছে ৰাধা গোবিন্দ বৰুৱা, লক্ষ্যধৰ চৌধুৰীৰ দৰে প্ৰাতঃস্মৰণীয় ব্যক্তিয়ে ৷
২০১৩ চনত ৰাজ্যৰ ৰাজনীতিত বিসম্বাদে ভয়ংকৰ ৰূপ লোৱাৰ সময়তে কংগ্ৰেছে ১৯খন আসন দখলেৰে গঠন কৰিছিল গুৱাহাটী পৌৰ নিগম ৷ সেই সময়ত কংগ্ৰেছে ১৯টা,বিজেপিয়ে ১১টা আৰু অগপই লাভ কৰিছিল ১টা ৱাৰ্ড ৷ প্ৰয়াত আবিৰ পাত্ৰ আছিল পৌৰপতি ৷
কিন্তু ২০১৬ত বিজেপি মিত্ৰজোঁট চৰকাৰলৈ অহাৰ লগে লগে তিনি গৰাকী কংগ্ৰেছী পাৰিষদে যোগ দিছিল বিজেপিত ৷ তিনি কংগ্ৰেছীৰ যোগদানৰ লগে লগে বিজেপি মিত্ৰজোঁটৰ পাৰিষদৰ সংখ্যা হ'লগৈ ১৫ ৷
ইফালে, গুৱাহাটীৰ চাৰি বিধায়ক ক্ৰমে ড৹ হিমন্ত বিশ্ব শৰ্মা,সিদ্ধাৰ্থ ভট্টাচাৰ্য,অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু সাংসদ বিজয়া চক্ৰৱৰ্তীৰ সমৰ্থনত বিজেপিয়ে ২০১৬ত নিৰ্বাচন অবিহনেই গঠন কৰিলে গুৱাহাটী পৌৰ নিগম (GMC) ৷
২০১৩ৰ পিছত সুদীৰ্ঘ ৯বছৰৰ মূৰত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিৰোধীক টচনচ কৰি এইবাৰ ৫৮টা ৱাৰ্ড দখল কৰিলে বিজেপি মিত্ৰজোঁটে ৷ ইয়াৰ লগে লগে প্ৰাসংগিক হৈ পৰিছে কোন হ'ব পৌৰ নিগমৰ পৌৰপতি (Mayor of GMC)?
চৰ্চাত প্ৰাক্তন তথা পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হোৱাৰ হেট্ৰিক কৰা মেয়ৰ মৃগেন শৰণীয়া, চৰ্চাত আছে বিজেপিৰ যুৱ নেতা শশাংক ডেকা,অভিক চোম, মনোজ কুমাৰ নাথ আদি ৷ কিন্তু এইবেলি মহিলা শক্তিৰ হাতলৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে পৌৰপতিৰ আসনখন ৷
যদি সেয়াই হয়, চৰ্চাত থকা মেঘনা হাজৰিকা,ৰত্না সিং,বাসন্তী কলিতা দুৱৰা, কবিতা শৰ্মা কৌৰ থাকিব আনসকলতকৈ এখোজ আগত ৷ অৱশ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই স্পষ্ট কৰিলে প্ৰধানমন্ত্ৰীৰ আগমনৰ পিছতহে ঘোষিত হ'ব মেয়ৰৰ নাম ৷
মেয়ৰ যিগৰাকীয়েই নহওক, বিজেপিয়ে সংকল্প পত্ৰত কোৱাৰ ধৰণে যদি কাম হয় ৫৮খন আসনেৰে বিজেপি মিত্ৰজোঁটক জয়ী কৰোৱা মহানগৰবাসীৰ এটা এটা ভোট তেতিয়াহে হ'ব সাৰ্থক ৷