বাক্সাত ভয়ংকৰ ঘটনা! মোবাইলত ব্যস্ত থকাৰ বাবেই পিতৃয়ে ডিঙি কাটি হত্যা কৰিলে মাতৃহাৰা কন্যাক

বাক্সাৰ কিশোৰী হত্যাৰ নতুন মোৰ। পিতৃয়ে হত্যা কৰিছিল নিজ কন্যাক। ঘাতক পিতৃ আৰক্ষীৰ জালত।
বাক্সাৰ কিশোৰী হত্যাৰ নতুন মোৰ। পিতৃয়ে হত্যা কৰিছিল নিজ কন্যাক। ঘাতক পিতৃ আৰক্ষীৰ জালত।
- News18 Assam
- Last Updated: September 19, 2020, 2:48 PM IST
উল্লেখ্য যে, যোৱা ১৩ ছেপ্তেম্বৰত দিন দুুুুপৰতে বাক্সা জিলাৰ ১ নং সোণাপুৰত সংঘটিত হৈছিল এক জঘন্য হত্যাকাণ্ড ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ ডিঙি কাটি হত্যা কৰিছিল শ্যামল ব্ৰহ্মৰ কন্যা ৰিংখাং ব্ৰহ্মক ৷ সেই সময়ত কন্যাৰ হত্যাকাণ্ডত প্ৰাক্তন প্ৰেমিক জড়িত থকাৰ কথা আৰক্ষীৰ আগত কৈছিল পিতৃৃ শ্যামল ব্ৰহ্মই ৷ কিন্তু বাক্সা আৰক্ষীৰ জেৰাত শনিবাৰে পোহৰলৈ আহে প্ৰকৃত ঘটনা।
১নং সোণাপুৰৰ নিজ বাসগৃহত ১৩ ছেপ্তেম্বৰৰ দিনা ৰিংখাং ব্ৰহ্ম আছিল অকলে ৷ অনবৰতে কন্যা ৰিংখাং ব্যস্ত আছিল মোবাইল ফোনত ৷ কোনো কথা নুশুনিছিল পিতৃ শ্যামলৰ ৷ ফলত ক্ষুব্ধ হৈ পিতৃ শ্যামলে চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰিছিল কিশোৰীগৰাকীক ৷ ইতিমধ্যে সমস্ত ঘটনা শ্যামল ব্ৰহ্মই আৰক্ষীৰ ওচৰত স্বীকাৰ কৰা বুলি জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক লামহাও ডংগলে জানিবলৈ দিছে ৷