Saraswati Puja 2020: আজি নে কাইলৈ কোনদিনা কৰিব লাগে পূজা?

News18 Assam | News18-Assam
Updated:January 29, 2020, 4:25 PM IST
Saraswati Puja 2020: আজি নে কাইলৈ কোনদিনা কৰিব লাগে পূজা?
এইবাৰ সৰস্বতী পূজাত সিদ্ধি আৰু সৰ্বাৰ্থসিদ্ধি যোগ থকা কথা পঞ্জিকাত উল্লেখ আছে আৰু এয়া অত্যন্ত শুভ ফলদায়ক বিবেচিত হৈছে। 

এইবাৰ সৰস্বতী পূজাত সিদ্ধি আৰু সৰ্বাৰ্থসিদ্ধি যোগ থকা কথা পঞ্জিকাত উল্লেখ আছে আৰু এয়া অত্যন্ত শুভ ফলদায়ক বিবেচিত হৈছে। 

  • Share this:
এইবাৰ সৰস্বতী পূজাৰ দিনক লৈ সৃষ্টি হৈছে কিছু বিভ্ৰান্তিৰ। পঞ্জিকাসমূহৰ কিছুমানত ১৪ মাঘ (২৯ জানুৱাৰী) আৰু কিছুমানত ১৫ মাঘ (৩০ জানুৱাৰী)ত সৰস্বতী পূজা বুলি উল্লেখ কৰাৰ কাৰণে এই বিভ্ৰান্তিৰ সৃষ্টি হয়। বহুতৰ মনত প্ৰশ্ন কোন তাৰিখে কৰিব পূজা? ২৯ জানুৱাৰী নে ৩০ জানুৱাৰীত?

শেহতীয়াকৈ গীতা মিছনে প্ৰকাশ কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে ভাৰতীয় সনাতনী বৈদিক পৰম্পৰা অনুসৰি মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী বা সৰস্বতী পূজাৰ দিন পালন কৰা হয়। এই বৰ্ষত এই তিথি আৰম্ভ হৈছে ২৯ জানুৱাৰীৰ দিনা দিনৰ ১০.৪৫ বজাত আৰু অন্ত পৰিছে ৩০ জানুৱাৰীৰ দিনৰ ১.২০ বজাত।

বিজ্ঞপ্তিটোত প্ৰকাশ কৰা অনুসৰি, অসমত প্ৰচলিত পৰম্পৰা অনুসৰি সূৰ্য উদয়ৰ সময়ত যি তিথি আৰম্ভ হয়, সেই দিনাখনহে সেই তিথিৰ পৰ্ব পালন কৰা হয়। ২৯ জানুৱাৰীৰ সূৰ্যোদয়ৰ সময়ত পঞ্চমী তিথি আৰম্ভ হোৱা নাই। ৩০ জানুৱাৰীৰ দিনা সূৰ্যোদয়ৰ সময়তহে পঞ্চমী তিথি আছে। গতিকে অসমত প্ৰচলিত পৰম্পৰা অনুসৰি ১৫ মাঘ অৰ্থাৎ ৩০ জানুৱাৰীৰ দিনাহে সৰস্বতী পূজা অনুষ্ঠিত কৰাটো বিধিসন্মত হ’ব। সেয়েহে বিভ্ৰান্তি পৰিহাৰ কৰি ৩০ জানুৱাৰীত সৰস্বতী পূজা পালন কৰিবলৈ আহ্বান জনাইছে গীতা মিছনে।

উল্লেখ্য যে, হিন্দু ধৰ্মৰ জনপ্ৰিয় বিশ্বাসত সূৰ্যাস্তৰ পিছৰ সময় পূজা–পাতলৰ কাৰণে শুভ বিবেচনা কৰা নহয়। গৰিষ্ঠসংখ্যক পঞ্জিকা আৰু পণ্ডিতৰ মতে কাইলৈ পুৱাৰ ভাগতহে সৰস্বতী পূজাৰ কাৰণে শুভ বিবেচিত হৈছে। পণ্ডিতৰ মতে এইবাৰ বসন্ত পঞ্চমীত সিদ্ধি আৰু সৰ্বাৰ্থসিদ্ধিৰ যোগৰ সংযোজন হৈছে আৰু এয়া অত্যন্ত শুভ ফলদায়ক আখ্যা দিয়া হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি