পৰেশ বৰুৱা ক'ত? ৰেডহৰ্ণ ডিভিজনত মাৰাথন জেৰা দৃষ্টি ৰাজখোৱাক

ভাৰতীয় সেনাৰ ৰঙিয়াত থকা ৰেডহৰ্ণ ডিভিজনৰ কব্জাত এতিয়া আলফা স্বাধীনৰ অতি দুৰ্ধৰ্ষ কেডাৰ, উপ-সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভা ৷
ভাৰতীয় সেনাৰ ৰঙিয়াত থকা ৰেডহৰ্ণ ডিভিজনৰ কব্জাত এতিয়া আলফা স্বাধীনৰ অতি দুৰ্ধৰ্ষ কেডাৰ, উপ-সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভা ৷
- News18 Assam
- Last Updated: November 13, 2020, 4:12 PM IST
সেনাই দৃষ্টি ৰাজখোৱাক প্ৰশ্ন কৰিছে- ক'ত আছে সংগঠনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা? পৰেশ বৰুৱাৰ সৈতে শেষ যোগাযোগ কেতিয়া হৈছিল? কি কৰি আছে পৰেশ বৰুৱাই?
পৰেশ বৰুৱা সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত যিখিনি দৃষ্টি ৰাজখোৱাই সেনা বিষয়াক দিছে, তাকলৈ সন্তুষ্ট নহয় সেনা ৷ লগতে দৃষ্টিক কৰা হৈছে GNLA সম্পৰ্কীয় প্ৰশ্ন ৷ গাৰো সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ সম্পৰ্কীয় তথ্য উত্তৰতো সেনা সন্তুষ্ট নহয় বুলি এক সুত্ৰই দাবী কৰিছে। সুত্ৰটোৰ মতে পাল মৰা ধৰণৰ উত্তৰ দিছে দৃষ্টি ৰাজখোৱাই ৷
ইপিনে দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ পিছত আলফা স্বাধীনে শুকুৰবাৰে উপ সেনাধ্যক্ষ পদত নিযুক্তি দিলে মাইকেল ডেকাফুকনক ৷ ১৯৮৮ চনত আলফাত যোগদান কৰা মাইকেলক বিগ্ৰেডিয়াৰ পদৰ পৰা মেজৰ জেনেৰেল পদলৈ পদোন্নতি কৰি পৰেশ বৰুৱাই নতুনকৈ সংগঠনটোক শক্তিশালী কৰাৰ বাবে চেষ্টা কৰিছে ৷