உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Union Minister Rameswar Teli : ক'ভিডৰ ফ্ৰী ভেকচিনৰ নামত বাঢ়িছে নেকি পেট্ৰ'লৰ দাম? ৰামেশ্বৰ তেলীৰ দাবী পেট্ৰ'লৰ দাম বঢ়া নাই, পেট্ৰ'লতকৈ পানীৰ দামহে বেছি !

    Union Minister Rameswar Teli : ক'ভিডৰ ফ্ৰী ভেকচিনৰ নামত বাঢ়িছে নেকি পেট্ৰ'লৰ দাম? ৰামেশ্বৰ তেলীৰ দাবী পেট্ৰ'লৰ দাম বঢ়া নাই, পেট্ৰ'লতকৈ পানীৰ দামহে বেছি !

    কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী

    কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী

    "পেট্ৰ'ল Petrol)ৰ দাম বঢ়া নাই। তাত টেক্স (Tax) লগোৱা থাকে। আপোনালোকে নিশ্চয় ভেকচিন লৈছে, সেই ভেকচিন (Covid Vaccine)ৰ পইচাবিলাক ক'ৰ পৰা আহিব? আপোনালোকেতো দিয়া নাই ভেকচিনৰ পইচা!" কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী (Rameswar Teli)ৰ মন্তব্য়।

    • Share this:
    সমগ্ৰ দেশবাসীক বিনামূলীয়াকৈ ক'ভিডৰ ভেকচিন (Free Covid Vaccine) দিয়া হৈছে যদিও কাৰ্যত সঁচাকৈ এই ভেকচিন ফ্ৰী হয়নে? কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী (Minister of State, Ministry of Petroleum and Natural Gas)ৰ যুক্তি শুনিলে আপোনাৰ চকু কপালত উঠিব। পেট্ৰ'ল-ডিজেলৰ বৰ্ধিত দামক লৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰামেশ্বৰ তেলীয়ে ক'লে যে ফ্ৰী ভেকচিন দিয়াৰ বাবেই হেনো বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ মূল্য (Petrol-Diesel Price)। আনকি তেওঁৰ মতে হেনো পেট্ৰ'ল-ডিজেলৰ দামো বঢ়া নাই।

    মন্ত্ৰী তেলীয়ে সাংবাদিকক কয়, "মোৰ ভাষণ আপোনালোকে শুনিছে নে নাই কব নোৱাৰোঁ, কিন্তু পেট্ৰ'লৰ দাম বঢ়া নাই। তাত টেক্স (Tax) লগোৱা থাকে। আপোনালোকে নিশ্চয় ভেকচিন লৈছে, সেই ভেকচিনৰ পইচাবিলাক ক'ৰ পৰা আহিব? আপোনালোকেতো দিয়া নাই ভেকচিনৰ পইচা!"

    তেওঁ আকৌ কয়, "মই কৈছোঁ পানীৰহে দাম বেছি, পেট্ৰ'লত টেক্স লগোৱা থাকে। টেক্সৰ যোগেদি পইচাবিলাক কালেকচন হয়। আজি যদি চোৱা হয়, পেট্ৰ'লৰ দাম কেই টকা? খুব বেছি ৪০ টকা ! কিন্তু টেক্স লগোৱা আছে, অসমত ভেট (VAT) লগোৱা আছে। ভাৰতবৰ্ষৰ ভিতৰত কম ভেট লগোৱা ৰাজ্যখন অসম। আপোনালোকে জানেনে নাজানে ক'ব নোৱাৰোঁ, ২৮ টকা ইয়াত ভেট লগোৱা আছে। ঠিক তেনেকৈ আমাৰ যি মিনিষ্ট্ৰী, তাত ৩০ টকা লগাইছোঁ, য'ত নেকি ৯৮ টকা পেট্ৰ'লৰ দাম হৈছে। কিন্তু আপুনি যদি হিমালয় পানী খায় ১০০ টকা এক বটল। গম পালেনে, পানীৰ দামহে বেছি, পেট্ৰ'লৰ দাম নহয়!"

    কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আকৌ কয়, "এইটোও আপোনালোকে নিশ্চয় গম পায় যে (পেট্ৰ'লৰ দাম)  ইণ্টাৰনেচনেল মাৰ্কেটৰ লগত লিংক কৰি দিয়া হৈছে, যাৰ ফলত ইণ্টাৰনেচনেল মাৰ্কেটত দাম বাঢ়িলে অটমেটিক ইয়াত দাম বাঢ়িব। আমাৰ মিনিষ্ট্ৰীয়ে তেলৰ দাম নিৰ্ধাৰণ নকৰে, কমাৰ্ছ ডিপাৰ্টমেণ্টে কৰে। আজি ভাৰতত যদি পেট্ৰ'লৰ দাম সকলোতকৈ বেছি সেয়া হৈছে ৰাজস্থানত, কাৰণ ৰাজস্থানত সৰ্বাধিক ভেট লগোৱা আছে। মোদীজীৰ বদনাম কৰিবলৈ ৰাজস্থানে তেনে কৰি আছে। মহাৰাষ্ট্ৰতো যদি চায়, তেওঁলোকৰো ভেট বেছি লগোৱা আছে।"

    উল্লেখ্য যে দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো ১০০ৰ ঘৰ চুইছে পেট্ৰ'লৰ দামে। এনে পৰিস্থিতিত কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ'লিয়াম মন্ত্ৰীয়ে নিজেই পেট্ৰ'লতকৈ পানীৰ দাম বেছি বুলি কোৱা ভায্য এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
    Published by:Manjumoni Borah
    First published: