৫লাখ নিৰ্যাতিত হিন্দুৰ হিচাপ হিমন্তই ক’ত পালে? মোৰ দিনত এজনো নাছিল! তৰুণ গগৈৰ প্ৰত্যাহ্বান

News18 Assam | News18-Assam
Updated:January 16, 2020, 3:32 PM IST
৫লাখ নিৰ্যাতিত হিন্দুৰ হিচাপ হিমন্তই ক’ত পালে? মোৰ দিনত এজনো নাছিল! তৰুণ গগৈৰ প্ৰত্যাহ্বান
মুখ্যমন্ত্ৰীৰ বাসগৃহ কাষতে চলিছে ৰাৱণ বধৰ আখৰা! হিমন্তকো বধ কৰিব লাগিবঃতৰুণ গগৈ

মুখ্যমন্ত্ৰীৰ বাসগৃহ কাষতে চলিছে ৰাৱণ বধৰ আখৰা! হিমন্তকো বধ কৰিব লাগিবঃতৰুণ গগৈ

  • Share this:
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মুখত আখৈ ফুটা দি ফুটিছে বিদেশীৰ সমস্যা! নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ মাজতে আকৌ এবাৰ সংবাদমেল পাতি হেঁপাহ পলুৱাই সোণোৱাল চৰকাৰক সমালোচনা কৰিলে তৰুণ গগৈয়ে। গগৈj মতে, এইবাৰ ভোগালী বিহু আগৰ দৰে ৰাইজে পালন কৰাৰ পৰা বিৰত থাকিল ৷ ৰাইজৰ মনত জ্বলি আছে ক্ষোভৰ জুই ৷ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে এই জুই নুমুৱাৰ সলনি জুইত ঘিঁউহে ঢালিছে। গগৈয়ে কয়, ৰাইজৰ এই সংগ্ৰাম কিছুদিন চলিবই ৷ আন্দোলন বাঢ়িছে দেশত ৷ অসমতো চলিয়েই আছে ৷ অসমত যেনেকৈ স্বতঃস্ফূৰ্তভাৱে মহিলাসকল ওলাই আহিছে, ভাৰতৰ বিভিন্ন প্ৰান্ততো মহিলা সকল ওলাই আহিছে।

চৰকাৰক সমালোচনা কৰোতে একালৰ নয়নৰ মণি অতিকৈ মৰমৰ হিমন্ত বিশ্ব শৰ্মাক খোঁচ মাৰিবলৈ নাপাহৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে। তেওঁ কয়, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ওচৰতে ৰাৱণ বধৰ যজ্ঞ চলিছে ৷ ৰাৱণবোৰক বধ কৰিব লাগিব ৷ হিমন্তকো বধ কৰিব লাগিব, হিমন্তই গীতাৰ কথা কয় ৷ কয় কিবা এটা কৰে কিবা এটা ৷ হিন্দু-মুছলমানৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে ৷ হিমন্তই অসম চুক্তিক ভুলকৈ ব্যাখ্যা কৰিব বিচাৰিছে ৷ ১৯৬৬ যদি ভিত্তি বৰ্ষ হয়, তেন্তে ২০১৪লৈ কেনেকৈ আহিল ৷ হিমন্তই নিজৰ কথাৰে বিৰোধ কৰিছে। 

গগৈয়ে মোদী–শ্বাহ তথা সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয়, মুখ্যমন্ত্ৰীয়ে বিদেশী খেদা আন্দোলন কৰি এতিয়া বিদেশীক আনিব ওলাইছে ৷ এয়া কালৰো কাল বিপৰীত কাল! মুখ্যমন্ত্ৰী হৈ থকা পোন্ধৰ বছৰত আমাৰ বিৰুদ্ধে এনেদৰে ৰাইজে আন্দোলন কৰা নাছিল ৷ এতিয়া ৰাইজে লেই লেই চেই চেই কৰিছে মুখ্যমন্ত্ৰীক ৷ ৰাৱণ আখ্যা দিছে ৷ আন্দোলনকাৰী পাঁচজনক হত্যা কৰিলে ৷ কিয় ন্যায়িক তদন্ত নকৰিলে ৷ ন্যায়িক তদন্ত কৰিবলৈ কিয় সাহস নহ'ল? আমি ৰাজহুৱা স্বাৰ্থজৰিত আবেদন কৰিম আদালতত। ঘৃণাৰ বীজ চটিয়াইছে প্ৰধানমন্ত্ৰীয়ে ৷ বাজপেয়ীৰ দিনত এনে হোৱা নাছিল ৷ আজি গণতন্ত্ৰ বিপন্ন। এই

মোডী-শ্বাহৰ গুডবুকত নাম উঠাবলৈ সোণোৱাল-হিমন্তই যিকোনো কাম কৰিব পাৰে।

হিমন্ত বিশ্ব শৰ্মাই পোৱা বাংলাদেশৰ ৫লাখ হিন্দু শৰণাৰ্থীৰ হিচাপ ক’ৰ পৰা পালে? আগতে অহাৰ হিচাপ উলিয়াওক। হিমন্ত মিছা কথাৰ ভাণ্ডাৰ ৷ হিমন্তই ক'ৰপৰা পালে পাঁচলাখৰ হিচাপ ? আগতে অহাৰ হিচাপ উলিয়াওক ৷ মোৰ দিনত শৰণাৰ্থী এজনো নাছিল ৷ কিমান আবেদন পাইছে? হিচাপ দিয়ক ৷ মোৰ দিনত শৰণাৰ্থীৰ পৰা আবেদন এখনো পোৱা নাছিলো ৷ সমগ্ৰ দেশত ৩৩ হাজাৰ এনে কেছ আছে বুলি Joint Parliamentary Committeeৰ ৰিপৰ্টত আছে ৷ এতিয়া হিমন্তই ক'ৰ পৰা পালে পাঁচ লাখ ৷ তাকো অসমতে ৷ অৱশ্যে আজি নাহে, পিচলৈ আহিব পাৰে ৷ বিদেশী অনাৰ বাট মুকলি কৰি ৰাখিছে এইখন চৰকাৰে”, সংবাদমেলত এই দাবী তৰুণ গগৈৰ ৷
নতুন আঞ্চলিক দলৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে ক'লে, “নতুন আঞ্চলিক হোৱাটো ভাল ৷ আদৰণি জনাম ৷ আমি একেলগে চৰকাৰ কৰিম ৷ বুজাবুজি কৰি এই চৰকাৰক আঁতৰাম ৷ BJPক চৰকাৰৰ পৰা আঁতৰাবলৈ আমি সকলো দলৰ লগতে বুজাবুজি কৰিম ৷ AGPতো ফাঁট মেলিব পাৰে ৷ তেওঁলোকৰ লগতো আমি বুজাবুজি কৰিম ৷ কিন্ত এটা কথা কংগ্ৰেছক এৰি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে ৷”
সংবাদমেল সামৰণি মৰাৰ সময়তো প্ৰাক্তন মুখ্যমন্ত্ৰী গগেয়ে এৰি নিদিলে হিমন্ত আৰু মুখ্যমন্ত্ৰী সোণোৱালক আক্ৰমণ কৰিবলৈ ৷ গগৈয়ে ক'লে, “BJP চৰকাৰ নাহে ৷ সেয়ে হিমন্তই মুখ্যমন্ত্ৰী নহও বুলি কৈছে ৷ এতিয়া হিমন্ত-সৰ্বানন্দৰ মাজত সংঘাত নাই ৷ ওপৰৰ পৰা নিৰ্দেশ আহিছে মিলি জুলি চলিব লাগে বুলি ৷ কেনেবাকৈ চৰকাৰ খন চলাই যাব লাগে বুলি ৷ সেয়ে সংঘাত নাই ৷”
Published by: Tulika Devi
First published: January 16, 2020, 1:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading