ক’ত কমসংখ্যক ভোট পোৱাৰ বাবে নগাঁৱত হাৰিল ৰূপক শৰ্মা?

যমুনামুখ, লাহৰীঘাট আৰু নগাঁও সদৰে হৰুৱালে ৰূপক শৰ্মাক!

news18assam
Updated:May 24, 2019, 5:17 PM IST
ক’ত কমসংখ্যক ভোট পোৱাৰ বাবে নগাঁৱত হাৰিল ৰূপক শৰ্মা?
যমুনামুখ, লাহৰীঘাট আৰু নগাঁও সদৰে হৰুৱালে ৰূপক শৰ্মাক!
news18assam
Updated: May 24, 2019, 5:17 PM IST
দেশত মোদী ছুনামিয়ে ৩৫০খন আসনৰ সংখ্যা স্পৰ্শ কৰাৰ সময়তে অসমত আটাইতকৈ সুৰক্ষিত আসনখন হেৰুৱালে গেৰুৱা দলটোৱে। দলৰ বেয়া–ভাল সকলো সময়তে যোৱা  বিশ বছৰে অসমত দূৰ্গৰূপে ৰৈ যোৱা নগাওঁ সংসদীয় সমষ্টি ৰূপক শর্মাই কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈৰ হাতত হৰুৱাবলগীয়া হোৱা ঘটনা নিৰ্বাচনৰ অন্যতম অঘটনৰূপে চিহ্নিত হৈছে দলৰ ভিতৰচ’ৰাত। বিভিন্ন প্ৰসংগৰ লগতে দলৰে একাংশ লোকে চিপৰাং মৰাৰ বাবেই ৰূপক শৰ্মা হাৰিল, এই সমালোচনাত মুখৰ বিভিন্ন নেতা–কৰ্মী। ইয়াৰ মাজতে প্ৰশ্ন উঠিছে আচলতে ৰূপক শৰ্মাৰ পৰাজয়ৰ ফেক্টৰ কোনকেইটা অঞ্চল হ’ল? নিউজ18ৰ হাতত পৰা তথ্য অনুসৰি ৰূপক শৰ্মা আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত তীব্ৰ যুঁজৰ মাজতে একাংশ অঞ্চলত বিজেপি বিধায়কগৰাকীৰ সমৰ্থনত ভোট কমকৈ পৰিল যাৰ কাৰণে তেওঁ চূড়ান্ত পৰ্যায়ত হাৰ মানিব লগীয়া হয়। প্ৰদ্যুৎ বৰদলৈয়ে সৰ্বমুঠ পায় টা ভোট আনহাতে ৰূপক শৰ্মাই লাভ কৰে টা ভোট। ১৬,৭৫২টা ভোটৰ অতি কম ব্যৱধানত ৰূপক শৰ্মাক পৰাস্ত কৰে প্ৰদ্যুৎ বৰদলৈয়ে। এইক্ষেত্ৰত পোহৰলৈ আহিছে, যমুনামুখ, লাহৰীঘাট আৰু নগাঁও সদৰে হৰুৱালে ৰূপক শৰ্মাক! যমুনামুখত প্ৰদ্যুৎ বৰদলৈয়ে পাইছিল ১,১৫,৯৬টা ভোটৰ লীড। আনহাতে যমুনামুখত প্ৰদ্যুৎ বৰদলৈয়ে পালে ১,৪১,৯৬টা ভোট। যমুনামুখত ৰূপক শৰ্মাই পালে ২৫,২৯৮টা ভোট, লাহৰীঘাটত প্ৰদ্যুৎ বৰদলৈয়ে লীড পালে ৬৭,৩৫৬টা ভোটৰ। যমুনামুখ আৰু লাহৰীঘাট মিলাই প্ৰদ্যুৎ বৰদলৈৰ লীড হ’লগৈ ১,৮২,৪৫২টা ভোটৰ। ইয়াৰ পিছতে ১৬,৭৫২টা ভোটৰ অতি কম ব্যৱধানত ৰূপক শৰ্মা পৰাস্ত হয়। তাৎপৰ্যপূৰ্ণ যে নগাওঁ সদৰত ৰূপক শৰ্মাই লীড পালে মাত্ৰ ১,৪২৫টা ভোটৰ। হোজাইত প্ৰদ্যুৎ বৰদলৈয়ে পালে ৭৮,৯২০টা ভোট। হোজাইত ৰূপক শৰ্মাই পালে ১,২৭,৪৮০টা ভোট। লামডিঙত প্ৰদ্যুতে পালে ৬৬,৯৩৬টা ভোট। আনহাতে লামডিঙত ৰূপক শৰ্মাই পালে ৯৬,৬৫৩টা ভোট।
বিজেপি বিধায়ক ডিম্বেশ্বৰ দাসৰ সমষ্টি ৰহাত বৰদলৈতকৈ কম ভোট পালে ৰূপক শৰ্মাই। ৰহাত প্ৰদ্যুতে ৮৫,৩০০টা ভোট লাভ কৰে আৰু সেই ৰহাত ৰূপক শর্মাই লাভ কৰে মাত্ৰ ৮৩,৬৬০টা ভোট।
আৰু চাওক পৰৱৰ্তী বাতৰি