உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কেতিয়া নিৰূপণ হ'ব 'খিলঞ্জীয়া', 'আদি অসমীয়া', 'অসমীয়া জনগণ'ৰ সংজ্ঞা? বিধানসভাত প্ৰশ্ন 

    কেতিয়া নিৰূপণ হ'ব 'খিলঞ্জীয়া', 'আদি অসমীয়া', 'অসমীয়া জনগণ'ৰ সংজ্ঞা? বিধানসভাত প্ৰশ্ন 

    এতিয়ালৈকে কিমান বিদেশী চিনাক্ত হ'ল, কিমানক কৰা হ'ল বহিষ্কাৰ? 

    এতিয়ালৈকে কিমান বিদেশী চিনাক্ত হ'ল, কিমানক কৰা হ'ল বহিষ্কাৰ? 

    এতিয়ালৈকে কিমান বিদেশী চিনাক্ত হ'ল, কিমানক কৰা হ'ল বহিষ্কাৰ? 

    • Share this:
    ৰাজ্যত বছৰ বছৰ ধৰি জীয়াই আছে অসম চুক্তিৰ প্ৰসংগ ৷ চুক্তি ৰূপায়ণে ৩৭টা বৰ্ষত ভৰি দিলে যদিও এই পৰ্যন্ত কাৰ্যকৰী নহ'ল চুক্তিৰ গুৰুত্বপূৰ্ণ দফা ৷ অসম বিধানসভাত পুনৰ চৰ্চিত হ'ল অসম চুক্তিৰ প্ৰসংগ,খিলঞ্জীয়াৰ সংজ্ঞা, আদি বাসিন্দা, অসমীয় জনগণৰ সংজ্ঞা আদি ৷

    কিন্তু নাই, হোৱা নাই... নিৰূপণ হোৱা নাই 'খিলঞ্জীয়া'ৰ সংজ্ঞা, নিৰূপণ হোৱা নাই 'আদি বাসিন্দা'ৰ সংজ্ঞা , নিৰূপণ হোৱা নাই 'অসমীয়া জনগণ'ৰ সংজ্ঞা ৷ অসম বিধান সভাত অকপটে স্বীকাৰ কৰিছে এই কথা অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই ৷ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই বিভাগীয় মন্ত্ৰীক সুধিছিল, অসম চুক্তিত 'অসমীয়া জনগণ'ৰ কথা উল্লেখ আছেনে? যদি আছে ইয়াৰ সংজ্ঞা নিৰূপণ হৈছে নেকি?

    উত্তৰত মন্ত্ৰী অতুল বৰাই কৈছে, অসম চুক্তিত উল্লেখ আছে অসমীয়া জনগণৰ কথা ৷ কিন্তু নিৰূপণহে হোৱা নাই ইয়াৰ সংজ্ঞা ৷ একেদৰে বৰাকৰ কংগ্ৰেছী বিধায়কজনে খিলঞ্জীয়া আৰু আদি বাসিন্দাৰ সংজ্ঞা নিৰূপণ হৈছে নেকি সোধাতো নাই হোৱা বুলিয়েই উত্তৰ দিলে বিভাগীয় মন্ত্ৰী অতুল বৰাই ৷

    অকল ইমানেই নহয়, বিধায়ক পুৰকায়স্থই অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰিবৰ বাবে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ ভিত্তিত আইনজ্ঞ কমিটী গঠন হ'ল নেকি বুলি কৰাৰ প্ৰশ্নৰ উত্তৰো আহিল ঋণাত্মক ৷  ছয় নং দফা কাৰ্যকৰী কৰিবলৈ গঠন হোৱা নাই আইনজ্ঞ কমিটী ৷ ইয়াৰ বাবে দোহাই দিয়া হৈছে বিগত বৰ্ষৰ COVID 19 সৃষ্টি পৰিস্থিতিৰ ৷

    ইয়াকে লৈ এইদৰে ক'লে বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই- "তাৰিখ পে তাৰিখ হৈ আছে। কিন্তু ইয়াৰ সমস্যাৰ সমাধান হোৱা নাই। নিৰ্বাচনৰ সময়ত কেৱল ছয় নং দফা,কা, খিলঞ্জীয়াৰ সংজ্ঞা আদিৰ কথা মনত পৰে চৰকাৰৰ । তাৰ বাহিৰে বাকী সময়ত মনত নপৰে।"

    ইফালে, অসম চুক্তি সন্দৰ্ভতে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অনা এক প্ৰশ্নৰ উত্তৰতো ওলাল আন এক বাস্তৱ ৷ সেয়া হৈছে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাস্তৱ সত্য ৷ চলিত বৰ্ষৰ ৩১ জানুৱাৰীলৈ  চিনাক্ত হৈছে ১,৪৪,০৭৭জন বিদেশী ৷ ইয়াৰে বহিস্কাৰ হৈছে মাত্ৰ ৩০,০১৪জন বিদেশীহে ৷ অৱশ্যে, অসম বাংলাদেশ সীমান্তৰ কাঁটা তাঁৰৰ বেৰৰ ক্ষেত্ৰত বিভাগ বহুখিনি আগবাঢ়ি থকা বুলি সদৰী কৰিছে মন্ত্ৰী অতুল বৰাই ৷

    ৯৮.৩৫% কাম সম্পূৰ্ণ হৈছে সীমান্তৰ কাঁটা তাঁৰৰ বেৰৰ ৷ বাকী আছে ১.৬৫% কামহে ৷ উল্লেখ্য যে, BORDER GUARD BANGLADESHৰ আপত্তি নিষ্পতি কৰিবলৈ SINGLE ROW FENCINGৰ প্ৰস্তাৱিত নক্সা অনুমোদনৰ বাবে FHQ BSFয়ে গৃহ মন্ত্ৰালয়ৰ লগত যোগাযোগ কৰা বুলি উত্তৰ দিছে মন্ত্ৰী বৰাই ৷ এতিয়া প্ৰশ্ন হ'ল, অসম আন্দোলনৰ ৰক্ত ৰঞ্জিত ইতিহাস লৈ হোৱা অসম চুক্তি ৰূপায়ণৰ বিষয়টোৰ চৰ্চাই চলি থাকিব নে কেতিয়াবা কাৰ্যকৰীও হ'ব ৷
    Published by:Gautam Barman
    First published: