মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Exam: SEBAৰ সংস্কাৰ কেতিয়া? সংস্কাৰ আয়োগক লৈ কি ক'লে ছেবাৰ প্ৰাক্তন অধ্যক্ষই 

HSLC Exam: SEBAৰ সংস্কাৰ কেতিয়া? সংস্কাৰ আয়োগক লৈ কি ক'লে ছেবাৰ প্ৰাক্তন অধ্যক্ষই 

SEBAৰ সংস্কাৰ কেতিয়া? প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু বিজেপি বিধায়ক দিগন্ত কলিতাৰ মত

SEBAৰ সংস্কাৰ কেতিয়া? প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু বিজেপি বিধায়ক দিগন্ত কলিতাৰ মত

এইবাৰ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছত পৰীক্ষা বাতিল কৰা ঘটনাৰ পিছত পুনৰ আয়োগ গঠনৰ পোষকতা বিভিন্নজনে কৰিছে ৷ পিছে এই আয়োগৰ ওপৰত একেবাৰেই বিশ্বাস নাই ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ ৷

  • Share this:
SEBAত সংস্কাৰৰ দাবী এতিয়াৰ নহয় ৷ ৰাজ্যৰ হাইস্কুলীয়া শিক্ষা ব্যৱস্থাৰ মূল নীতি-নির্ধাৰক ছেবাৰ পাঠ্যক্রম, পৰীক্ষা পদ্ধতিৰ লগতে ইয়াৰ সাংগঠনিক সংস্কাৰৰ বাবে সময়ে সময়ে আয়োগো গঠন হৈ আহিছে ৷ পিছে কেতিয়াবা যদি এনে আয়োগৰ পৰামৰ্শ চৰকাৰে গ্ৰহণ কৰি তাৰ ওপৰত কাৰ্যব্যৱস্থা হাতত লোৱা নাই আৰু আন কেতিয়াবা এনে আয়োগক ছেবাৰে জড়িত লোকেই নস্যাৎ কৰা দেখা যায় ৷ এইবাৰ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছত পৰীক্ষা বাতিল কৰা ঘটনাৰ পিছত পুনৰ আয়োগ গঠনৰ পোষকতা বিভিন্নজনে কৰিছে ৷ পিছে এই আয়োগৰ ওপৰত একেবাৰেই বিশ্বাস নাই ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ ৷

"আয়োগৰ তিনিওখন প্ৰতিবেদনকে মই নস্যাৎ কৰিছোঁ ৷ কোনো কথাই গভীৰতালৈ চোৱা নাই, কোনো কথাৰে সঠিক অনুসন্ধান কৰা নাই ৷ পৰীক্ষাৰ পিছত দিলীপ বৰুৱা আয়োগক সবিশেষ দিয়া হৈছিল ৷ কিন্তু কথাবোৰ গুৰুত্ব সহকাৰে দিলীপ বৰুৱা আয়োগে লোৱা নাছিল ৷ অমূক-তমূকৰ কথা শুনি কাম কৰিছিল আয়োগখনে ৷ এখন আয়োগেও ভালকৈ কাম কৰা নাছিল ৷ সংস্কাৰ বিচাৰিবলৈ হ'লে সেই ভাৱমূৰ্তি লৈ আগবাঢ়িব লাগিব ৷ নকল ৰোধৰ কাৰনে আয়োগে কি কৈছিল জানেনে, কঠোৰ আইন আনিব লাগিব বুলি এটা লাইন লিখি বহি আছিল ৷ এয়া জানো মূল কথা ৷ সংস্কাৰ ছেবাৰ ভিতৰতে হ'ব লাগিব ৷ মিলিজুলি কৰা এটা ক্ৰাইম এয়া ৷ ছেবাতে বহী চোৱাৰ যি প্ৰক্ৰিয়া সেয়া বন্ধ নহ'লে এইবোৰ চলি থাকিব ৷" এইদৰে কয় শান্তিকাম হাজৰিকাই

উল্লেখ্য যে, শান্তিকাম হাজৰিকাৰ কাৰ্যকালতে গঠন হৈছিল শ্ৰীনাথ বৰুৱা আয়োগো ৷ প্ৰাক্তন অধ্যক্ষ গৰাকীৰ মতে এতিয়া টাস্ক ফ'ৰ্চ গঠনৰহে প্ৰয়োজন আছে ৷ "Task force লাগে এতিয়া ৷ National Education Policy হ'ল বুলি হাত সাৱতি বহি থাকিলে নহ'ব ৷" লগতে এইখিনিও সংযোগ কৰিলে প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে ৷ ইফালে ছেবাৰ সংস্কাৰ এগৰাকী অসমীয়া হিচাপে সহৃদয়তাৰে বিচাৰে বুলি ক'লে শাসকীয় বিজেপি বিধায়ক দিগন্ত কলিতাই ৷ "আমি দুখ পাইছোঁ ৷ চৰকাৰখন এই দুখৰ সমভাগী ৷ মুখ্যমন্ত্ৰী গৰাকী অহালৈ আমি বাট চাইছোঁ ৷ ছেবাৰ সংস্কাৰ এগৰাকী অসমীয়া হিচাপে আন্তৰিকতাৰে বিচাৰিছোঁ ৷" ক'লে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৷

শেহতীয়া বাতৰি